নিউজ ডেস্কঃ উত্তৰ প্ৰদেশৰ নয়দাত ১১ জুলাই পৰা ১৬ জুলাইত অনুষ্ঠিত হ’ব য়ুথ, জুনিয়ৰ আৰু ছিনিয়ৰ কমনৱেলথ্ ভাবোত্তোলন চেম্পিয়নশ্বিপ। উক্ত ভাবোত্তোলন চেম্পিয়নশ্বিপৰ বাবে অসমৰ চাৰিগৰাকী খেলুৱৈ নিৰ্বাচিত হৈছে।

নিৰ্বাচিত হোৱা খেলুৱৈ কেইগৰাকীৰ ভিতৰত পপি হাজৰিকা, সিদ্ধান্ত গগৈ, বেদৱত ভৰালী আৰু কপিল সোণোৱাল আছে। পপি হাজৰিকাই ছিনিয়ৰ মহিলাৰ ৫৯ কিলোগ্রাম শাখাত  প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ লগতে, সিদ্ধান্তই জুনিয়ৰৰ ৬১ কিলোগ্রাম, বেদব্রতই য়ুথৰ ৬৭ কিলোগ্ৰাম আৰু কপিলে য়ুথৰ ১০২ কিলোগ্রাম শাখাত খেলিবলৈ নিৰ্বাচিত হৈছে।

ইয়াৰোপৰি, উক্ত চেম্পিয়নশ্বিপত কাৰিকৰী বিষয়া হিচাপে আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী তথা অসম ভাৰোত্তোলন সংস্থাৰ সাধাৰণ সম্পাদক ভৱজ্যোতি গোস্বামীকো আমন্ত্রণ জনোৱা হৈছে।

লগতে পঢ়ক – বালাচোৰ ৰে’ল দুৰ্ঘটনা: ৩ জন ৰে’ল কৰ্মচাৰীক গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply