নিউজ ডেস্ক: অসমৰ চাৰিজন আৰক্ষী বিষয়ালৈ ২০২২ বৰ্ষৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ অনুসন্ধান পাৰদৰ্শিতা বঁটা আগবঢ়োৱা হৈছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে প্ৰদান কৰা এই বিশেষ সন্মান লাভ কৰা ৰাজ্যৰ চাৰি গৰাকী আৰক্ষী বিষয়া হৈছে হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস আৰু উপ-আৰক্ষী অধীক্ষক ৰ’জী তালুকদাৰ আৰু উপ-পৰিদৰ্শক নাৰায়ণ শইকীয়া।

আৰক্ষী বিষয়া কেইজনক তেওঁলোকে অনুসন্ধানত দেখুওৱা পাৰদৰ্শিতাৰ বাবে এই বঁটা প্ৰদান কৰা হ’ব।

উল্লেখযোগ্য যে ২০২২ বৰ্ষৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ অনুসন্ধান পাৰদৰ্শিতা বঁটাৰ দেশৰ মুঠ ১৫১ গৰাকী আৰক্ষী বিষয়াক নিৰ্বাচিত কৰা হৈছে, ইয়াৰে ২৮ গৰাকী হৈছে মহিলা আৰক্ষী।

অসমৰ চাৰিজন আৰক্ষী বিষয়াৰ উপৰি উত্তৰ-পূবৰ আন ৬ গৰাকী আৰক্ষী বিষয়াক এই বঁটা প্ৰদান কৰা হ’ব।  

লগতে পঢ়ক – সামাজিক সংকীৰ্ণতাৰ মৰ্মন্তদ ছবি; স্বামীৰ নশ্বৰ দেহ গাঁতত পুতি থবলৈ বাধ্য হৈছিল প্ৰণীতা দেৱী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply