শিৱসাগৰ : চাৰিটাকৈ ম’হৰ কৰুণ মৃত্যু। বজ্ৰ পৰি চাৰিটাকৈ ম’হৰ কৰুণ মৃত্যু। শিৱসাগৰ জিলাৰ জেৰেঙা পথাৰত সংঘটিত হৈছে এই কৰুণ ঘটনা। চৰকাৰৰ ক্ষতি পূৰণৰ বাবে আহ্বান।
বুধবাৰে নিশাৰ ধুমুহা-বৰষুণৰ লগত ব্ৰজ পৰি পৰি চাৰিটাকৈ পোহনীয়া ম’হৰ কৰুণ মৃত্যু ঘটে। শিৱসাগৰ জিলাৰ জেৰেঙা পথাৰত বুধেশ্বৰ বৰা নামৰ এজন কৃষকৰ চাৰিটাকৈ পোহনীয়া ম’হ বজ্ৰ পৰি মৃত্যুৰ মুখত পৰে।
কৃষক গৰাকীক চৰিবটাকৈ পোহনীয়া ম’হ এইদৰে বজ্ৰ পৰি মৃত্যু হোৱাত কৃষক গৰাকীয়ে মূৰে কপালে হাত দিছে। কৃষক গৰাকীয়ে চৰকাৰক ক্ষতি পূৰণৰ বাবে আহ্বান জনাইছে।