গুৱাহাটী : ৰাজ্যত অব্যাহত নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহ। আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত প্ৰতিদিনে ৰাজ্যত জব্দ হৈ আছে ড্ৰাগছ। মহানগৰ আৰক্ষীয়ে পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। বৃহৎ পৰিমাণৰ ড্ৰাগছসহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ।
অসম আৰক্ষীয়ে যিমানেই ড্ৰাগছ জব্দ কৰিছে সিমানেই ৰাজ্যত বৃদ্ধি পাইছে ড্ৰাগছৰ বেহা। এফালে আৰক্ষীয়ে প্ৰতিদিনে জব্দ কৰি আছে ড্ৰাগছ, আৰু আনফালে ৰাজ্যত চলি আছে ড্ৰাগছৰ অবৈধ বেহা। পুনৰবাৰ মহানগৰী গুৱাহাটীত জব্দ হোৱা বৃহৎ পৰিমাণৰ ড্ৰাগছে ইয়াকে প্ৰমাণ কৰিলে।
লগতে পঢ়ক – অভিলেখ গঢ়িলে লখিমপুৰৰ কণমানি নাইছাই
বশিষ্ঠ আৰক্ষীয়ে জব্দ কৰা এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৪ কৌটি টকা। ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজন ক্ৰমে কেলভিন ক্লেইন, মানখৰ ৰংহাং , মাণিক ইংতি, ধ্ৰুৱজ্যোতি বৰা। মেঘালয়ৰ পৰা গুৱাহাটী মহানগৰীলৈ সৰবৰাহ কৰিছিল সামগ্ৰী খিনি।