নিউজ ডেস্ক- শুকুৰবাৰে নিশা মণিপুৰৰ চুৰাচান্দপুৰত নিৰাপত্তাৰক্ষীয়ে চাৰিজন ব্যক্তিক গুলীয়াই হত্যা কৰে। নিশা প্ৰায় ৯:১৫ বজাত ডিচি কমপ্লেক্সৰ বাহিৰত ঘটনাটো সংঘটিত হৈছিল।
ইষ্টম’জ’ৰ সংবাদদাতাই জনোৱা মতে, যেতিয়া সুৰক্ষা বাহিনীয়ে মেইটেইসকলক চুৰাচান্দপুৰৰ সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছিল সেই সময়ত সংঘটিত হৈছিল এই ঘটনা।
জানিব পৰা মতে, স্থানীয় লোকসকলে সেনাসকলক স্থানান্তৰ কাৰ্য্যত বাধা প্ৰদান কৰিছিল। তাৰ প্ৰত্যুত্তৰত সেনাবাহিনীয়ে গুলীচালনা কৰে।
তথ্য অনুসৰি, ঘটনাটোত দুগৰাকী মহিলাসহ চাৰিজন লোক নিহত হয়। তাৰ লগতে এজন লোক আঘাতপ্ৰাপ্ত হয়। আহত লোকজনক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
সেনাৰ গুলীত নিহত সকলৰ ভিতৰত জিলা চিকিৎসালয়ৰ ৩৩ বছৰীয়া এগৰাকী নাৰ্ছ আছিল। তেওঁৰ নাম নিয়াংহোইচিং।