কমাৰগাঁও : গোলাঘাট জিলাৰ খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত বাদুলিপাৰত চাৰিলেনযুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বিসংগতিপূৰ্ণ নিৰ্মাণ কৰাৰ ফলত এজাক বৰষুণ দিলেই দুর্ঘটনা সংঘটিত হয়। নামনিৰ পৰা উজনিলৈ যোৱা বিভিন্ন গাড়ী দুৰ্ঘটনাত পতিত হৈ পথটোৰ কাষতে পথ নিৰ্মাণ সংস্থা এইছ চি চিয়ে মৰণফাণ্ড সদৃশ গাঁত খন্দাৰ ফলত উক্ত খাৱৈত দুৰ্ঘটনাগ্ৰস্থ বাহন সমূহ পৰি বহুজন আঘাতপ্ৰাপ্ত হ’বলগীয়া হোৱাৰ লগতে বহু যানবাহন ক্ষতিগ্ৰস্ত হৈছে।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নিৰিক্ষণত থকা চাৰিলেনযুক্ত পথটো নিৰ্মাণৰ দ্বায়িত্ব লাভ কৰিছিল বহি:ৰাজ্যৰ পথ নিৰ্মাণ সংস্থা এইছ চি চিক৷ পথ নিৰ্মাণ সংস্থাটোৱে বাদুলিপাৰ আৰু ৰঙামাটিৰ মাজ ভাগত পথটো নিৰ্মাণত ব্যৱহাৰ কৰা বিটমিনত তেলেতীয়া পদাৰ্থ মিহলি হৈ থকাত বৰষুণ দিলেই উক্ত পথছোৱা পিচল হৈ পৰে৷ যাৰ ফলত বাহন সমূহ বেগ মাৰিলে নিয়ন্ত্ৰণ হেৰুৱাই কাষৰ দ খাৱৈত সোমাই পৰে।

নেৰানেপেৰা বৰষুণৰ ফলত উক্ত পথটোত এখন মাৰুতি ডিজায়াৰ বাহন দুৰ্ঘটনাত পতিত হৈ কাষৰ দ খাৱৈত সোমাই পৰে। আৰক্ষী সূত্ৰই সদৰি কৰা অনুসৰি বোকাখাতৰ পৰা যোৰহাট অভিমুখি এএছ-০৫-২০০৬ নম্বৰৰ বিলাসী বাহনখনে উক্ত পথছোৱাত গতিবেগ কমাবলৈ চেষ্টা কৰোতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ খাৱৈত সোমাই পৰে। এই দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে চালকসহ পাঁচগৰাকী আৰোহী৷

ঘটনাস্থলিত দেৰগাঁও যানবাহন আৰক্ষী উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি দেৰগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ যোৱা এটা সপ্তাহত একেটা স্থানতে এইটো চতুৰ্থটো পথ দুৰ্ঘটনা সংঘটিত হৈছে যদিও এই পথছোৱাৰ বিষয়ে স্থানীয় সচেতন ব্যক্তি, দল-সংগঠনে বাৰম্বাৰ গোলাঘাট জিলাৰ উপায়ুক্ত, খুমটাই ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, এইছ চি চি বিষয়া, এন এইছ আই ডিচিএল কতৃপক্ষ লগতে ৰাষ্ট্ৰীয় ঘাইপথটো বিসংগতিপূৰ্ণ নিৰ্মাণৰ কথা সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পোৱাৰ পিছতো পথছোৱা বিসংগতি নিৰ্মূল কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই গোলাঘাট জিলা প্ৰশাসন কিম্বা পথ নিৰ্মাণ সংস্থা এইছ চি চিয়ে।

লগতে পঢ়ক – বোকাখাতত ৫,৫০,০০০ টকীয়া আঁচনিত পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে  দুৰ্নীতিৰ অভিযোগ

ইফালে বাদুুলিপাৰৰ উক্ত বিসংগতিপূৰ্ণ পথ পুুুনৰ নিৰ্মাণ আৰু পথৰ কাষৰ দ খাৱৈ সমূহ পুতি আগৰ অৱস্থালৈ ঘূৰাই আনিবলৈ স্থানীয় কেইবাটাও দল-সংগঠনৰ নেতৃত্বত আৰু স্থানীয় ৰাইজ সহযোগত এক পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰা হয়। প্ৰতিবাদকাৰী সকলে প্ৰায় এক ঘন্টা ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। যাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোত তীব্ৰ জানজটৰ সৃষ্টি হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply