মুকালমুৱা : মুকালমুৱাত নিশা ভয়ংকৰ পথ দুর্ঘটনা। দুখন বাইকৰ মাজত হোৱা মুখামুখি সংঘর্ষত আহত চাৰিজনকৈ লোক। এজন উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ।
শুকুৰবাৰে নিশাৰ ভাগত নলবাৰী জিলাৰ মুকালমুৱাত এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়। মুকালমুৱাৰ দমদমা পথাৰত দুখন বাইকৰ মাজত মুখামুখি সংঘর্ষত বাইক দুখনত থকা চাৰিজনকৈ লোক গুৰুত্বৰভাৱে আহত হয়।
লগতে পঢ়ক – অসম আৰক্ষীৰ গুপ্তচৰ সঞ্জীৱ শৰ্মা আৰু ধনজিত দাসক হত্যা!
আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও টুটু ডেকা নামৰ যুৱকজনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে যুৱকজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। আহত লোককেইজন হৈছে ৰিণ্টু আহমেদ, চাহিব আলী, টুটু ডেকা আৰু সনেশ্বৰ ডেকা।