ওদালগুৰি : এইবাৰ মেথোনৰ আক্ৰমণত আহত ৪ জনকৈ লোক। ওদালগুৰি জিলাত মেথোনৰ আক্ৰমণত আহত হৈছে ৪ জনকৈ লোক। আহত সকলক চিকিৎসালয়ত ভৰ্তি।

ৰাজ্যত ক্ৰমাৎ দিনক দিনে অধিক জটিল ৰূপ ধাৰণ কৰিছে মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত। বিশেষকৈ ৰাজ্যত বিভিন্ন প্ৰান্তত হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ হৈ উঠিছে।

ওদালগুৰি জিলাত প্ৰায়ে দেখিবলৈ পোৱা যায় হাতী আৰু মানুহৰ সংঘাত। এইবাৰ জিলাখনত হাতী আৰু মানুহৰ নহয়, মেথোন আৰু মানুহৰ সংঘাতৰ এক ঘটনা সংঘটিত হৈছে।

ওদালগুৰিৰ চপনগাঁৱত সংঘটিত হৈছে মেথোন আৰু মানুহৰ সংঘাত। চপনগাঁৱত এটা মেথোনৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হৈছে ৪ জনকৈ লোক।

লগতে পঢ়ক –  ২১ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ আৰু নগদ ধনসহ দুই ড্ৰাগছ সৰবৰাহকাৰী জালত

আহত লোক সকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বিগত কিছুদিন ধৰি অঞ্চলটোত মেথোনে সন্ত্রাস চলাই আছে বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply