নিউজ ডেস্ক: মণিপুৰত বাহৰ পাতিছে অসম আৰক্ষীৰ ৪ জনীয়া দল। যোৱা কিছুদিন ধৰি মণিপুৰত জাতিগত সমস্যাৰ বাবে হৈ থকা সংঘাতৰ বাবে অসমৰ বহুলোক ৰাজ্যখনত আবদ্ধ হৈ আছে। যাৰ বাবে অসমৰ লোকক সহায় বাবে অসম আৰক্ষীৰ তৰফৰ পৰা যোৱা তিনিদিন ধৰি মণিপুৰত বাহৰ পাতি আছে বুলি আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে জানিবলৈ দিয়ে।
IPS অখিলেশ সিঙৰ নেতৃত্বত যোৱা অসম আৰক্ষী দলটোৰ সহায়ত ইতিমধ্যেই দেওবাৰে ৫৫ জন আৰু সোমবাৰে ৪৫ জন লোকক অসমৰলৈ উভতি আহিবলৈ সক্ষম হৈছে।
DGP জি পি সিঙে জনোৱা অনুসৰি, মণিপুৰত থকা অসমৰ বহু লোক উভতি আহিবলৈ বিচৰা নাই কামৰ খাতিৰত। কিন্তু যিসকলে উভতি আহিবলৈ বিচাৰিছে তেনে লোকসকলক সুবিধা কৰি দিছে আৰক্ষীয়ে।
উল্লেখ্য যোগ্য যে, মণিপুৰত থকা অসমৰ লোকসকলৰ সহায়ৰ বাবে দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰি দিয়া হৈছে। হেল্পলাইন নম্বৰ ১০৭৯ নতুবা ১০৭০ ত ফোন কৰি আৰক্ষীৰ পৰা সহায় পাব পাৰিব।
লগতে পঢ়ক – উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অধীনত পুনৰ নতুন ৰূপত DEMU ৰেলগাড়ী মুকলি