ৰঙিয়া : দেশৰ কুখ্যাত এটিএম চোৰৰ দল ৰঙিয়া আৰক্ষীৰ জালত। ৰঙিয়া আৰক্ষীয়ে হাৰিয়ানাত অভিযান চলাই এটিএম চোৰৰ দলটোক গ্ৰেপ্তাৰ কৰিলে। দলটোৰ চাৰিজন সদস্যক হাৰিয়ানাৰ পৰা লৈ অনা হয় ৰঙিয়ালৈ। কিছুদিন পূৰ্বে ৰঙিয়াৰ এটা এটিএমৰ পৰা চাৰি চোৰে লুটি নিছিল ৩০ লাখ টকা।

দেওবাৰে ৰঙিয়া আৰক্ষীয়ে হাৰিয়ানাৰ পৰা গ্ৰেপ্তাৰ কৰা চাৰিজন এটিএম চোৰক ৰঙিয়ালৈ আনে। চাৰি এটিএম চোৰে যোৱা ২ জুলাই তাৰিখে ৰঙিয়াত এছবিআইৰ এটা এটিএমৰ পৰা লুটি নিছিল ৩০ লাখ টকা। এটিএম লুটি নিয়া ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীয়ে।অনুসন্ধান চলাই উপস্থিত হৈছিল হাৰিয়ানাত।

লগতে পঢ়ক –  প্ৰিয়ানুজ ভট্টাচাৰ্যৰ সম্বৰ্ধনাঅনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা

ৰঙিয়া আৰক্ষীৰ দলটোৱে হাৰিয়ানাত অভিযান চলাই এটিএম চুৰিৰ ঘটনাৰ লগত জড়িত চাৰি চোৰক আটক কৰে। ধৃত চোৰ চাৰিজন ক্ৰমে হাৰিয়ানাৰ নিছাৰ, নাছিম, মহম্মদ আৰু গোপাল। ৰঙিয়া আৰক্ষীয়ে এটিএম চোৰৰ দলটোৰ পৰা ২৯ লাখ ৬৮ হাজাৰ টকা উদ্ধাৰ কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত এটিএম চুৰিৰ লগত জড়িত ধৃত চোৰ চাৰিজন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply