নিউজ ডেস্ক : এক নিৰ্ভৰযোগ্য সূত্ৰৰ তথ্য অনুসৰি অৰুণাচল প্ৰদেশত উদ্ধাৰ হৈছে অসমৰ চাৰি যুৱকৰ মৃতদেহ। এই পৰ্যন্ত স্থানীয় আৰক্ষীয়ে কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে যদিও অসমৰ পৰা ভ্ৰমণৰ বাবে যোৱা যুৱক কেইজনৰ মৃতদেহ বুলি ইতিমধ্যে নিশ্চিত হৈছে স্থানীয় লোক। উল্লেখ্য যে এই যুৱককেইগৰাকী সন্ধানহীন হৈ আছিল অৰুণাচল প্ৰদেশত। বন্ধুৰ সৈতে যুৱক চাৰিজন ফুৰিবলৈ গৈছিল অৰুণাচল প্ৰদেশলৈ।

উল্লেখ্য যে জিৰ’ পইণ্টৰ পৰা প্ৰায় ২০০ ফুট তলত যুৱক কেইজনৰ মৃতদেহ আৰু গাড়ী উদ্ধাৰ হৈছে বুলি জানিব পৰা গৈছে।

EastMojo Assam ৰ সাংবাদিকক নগাওঁ আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি ব’মডিলা আৰু ভালুকপুংৰ মাজত এখন চূৰ্ণ-বিচূৰ্ণ গাড়ী উদ্ধাৰ হৈছে। এই পৰ্যন্ত তিনিগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ হোৱাটো নিশ্চিত বুলি জনাইছে। ইয়াৰ ভিতৰত বেদান্ত বৰমেহেলাৰ মৃতদেহ চিনাক্ত কৰা হৈছে।

লগতে পঢ়ক –  বৃহস্পতিবাৰে ৭২০ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে

উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ চেঁচা-ডিৰাং পথত সন্ধানহীন হৈছিল যুৱক চাৰিজন। মৃতদেহ উদ্ধাৰ হোৱা বুলি সন্দেহ কৰা যুৱক চাৰিজন ক্ৰমে নগাঁৱৰ লাওঁখোৱাৰ বেদান্ত বৰমেহেলা, নগাঁৱৰ কন্দলিৰ নয়ন বাসুমতাৰী, সোণাপুৰৰ হিৰক বড়ো আৰু ৰঙাপাৰাৰ সঞ্জীৱ দাস।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply