নিউজ ডেস্ক: ছুইডেনৰ উপকূলত দেখা পোৱা গৈছে প্ৰশিক্ষণপ্ৰাপ্ত এটা প্ৰকাণ্ড তিমি। ৰাছিয়াৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত এই তিমিটোৰ সন্ধানৰ বাবে থকা এটা সংস্থাই প্ৰকাশ কৰিছে যে এই তিমিটো ৰাছিয়াৰ প্ৰাক্তন চোৰাংচোৱা।
হাভালডিমিৰ নামেৰে নামাকৰণ কৰা এই তিমিটোক ২০১৯ চনত প্ৰথমবাৰৰ বাবে নৰৱেৰ উপকূলত ৰাছিয়ান হাৰ্নেছ পৰিধান কৰি থকা অৱস্থাত দেখা গৈছিল।
উল্লেখ্য যে ৪ বছৰ পূৰ্বে ইংগোয়া দ্বীপৰ ওচৰত প্ৰথমবাৰৰ বাবে নৰৱেৰ নাওৰ কাষ চাপিছিল তিমিটোৱে। ৰাছিয়াৰ মুৰ্মানস্কৰ পৰা এই দ্বীপটো ৪১৫ কিলোমিটাৰ দূৰত অৱস্থিত।
গ’প্ৰ’ কেমেৰা আৰু অন্যান্য সঁজুলিৰ লগত এই তিমিটো প্ৰত্যক্ষ কৰাৰ পিছত নৰৱেৰ চোৰাংচোৱা সংস্থাই তদন্ত আৰম্ভ কৰে আৰু কয় যে তিমিটোক ৰাছিয়াৰ সেনাই প্ৰশিক্ষণ দিয়াৰ সম্ভাৱনা আছে।
উল্লেখ্য যে ৰাছিয়াই কেতিয়াও আনুষ্ঠানিকভাৱে এই তিমিটোক চোৰাংচোৱাৰ প্ৰশিক্ষণ দিয়াৰ কথা উল্লেখ কৰা নাই। এই তিমিবিধ গ্ৰীণলেণ্ড, ৰাছিয়া, আলাস্কা আৰু উত্তৰ নৰৱেৰ আশে-পাশে থকা বৰফৰ পানীত বাস কৰে আৰু ইয়াৰে কিছুমানে গ্ৰীষ্মকালত প্ৰব্ৰজন কৰে।