নিউজ ডেস্ক: বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে পেৰিছত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। পেৰিছত উপস্থিত হোৱাৰ লগে লগে ৰেড-কার্পেটত আদৰণি জনোৱা হয় প্ৰধানমন্ত্ৰীগৰাকীক। শুকুৰবাৰে ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দিৱস উদযাপন কাৰ্যসূচীত ইমানুৱেল মেক্ৰনৰ সৈতে সন্মানীয় অতিথি হিচাপে যোগদান কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ।
এই ৰাষ্ট্ৰীয় দিৱসত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোজীক ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নে ফ্ৰান্সৰ সর্বোচ্চ সন্মান গ্ৰেণ্ড ক্ৰছ অফ দ্য লিজিয়ন অফ অনাৰ প্ৰদান কৰিছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে ফ্ৰান্সৰ এলিচি পেলেচত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ ফটো টুইট কৰি কয় যে এইয়া অংশীদাৰিত্বৰ মনোভাৱক মূৰ্ত কৰি তোলা এক উষ্ম সংকেত। ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নৰ দ্বাৰা ফ্ৰান্সৰ সর্বোচ্চ বঁটা গ্ৰেণ্ড ক্ৰছ অফ দ্য লিজিয়ন অফ অনাৰ প্ৰদান কৰা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।
লগতে পঢ়ক: কিং খানৰ ‘জাৱান’ ছবিত দেখিবলৈ পোৱা যাব অসমৰ কেনি বসুমতাৰীক