নিউজ ডেস্ক: সোমবাৰে দিছপুৰ আৰক্ষীয়ে চাকৰি দিয়াৰ প্রলোভনেৰে বিভিন্ন লোকৰ পৰা ধন সংগ্ৰহ কৰি আত্মসাৎ কৰা এটা প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে। গীতানগৰৰ ভাৰাঘৰৰ পৰা দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চকটোক । ধৃত প্ৰৱঞ্চকজন কামৰূপ গ্রাম্যৰ সোণতলী গাঁৱৰ মাৰ্কুণ্ড হীৰা।

দীৰ্ঘদিন ধৰি ৰাজ্যৰ সাংস্কৃতিক প্রাণকেন্দ্র জ্যোতি চিত্ৰবনত বিভিন্ন পদত নিযুক্তি দিয়াৰ প্রলোভন দি বিভিন্ন নিবনুৱা যুৱক-যুৱতীৰ পৰা ধন সংগ্ৰহ কৰিছিল প্রবঞ্চকটোৱে। ৬ হাজাৰৰ পৰা ১০ হাজাৰ টকা পৰ্যন্ত ধন সংগ্ৰহ কৰি মার্কুণ্ডই সময়মতে নিযুক্তি-পত্ৰ দিব নোৱাৰাত একাংশ ভুক্তভোগীয়ে দিছপুৰ আৰক্ষীক গোচৰ দিয়ে।

একে সময়তে একাংশ প্রার্থীয়ে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যা সাগৰকো বিষয়টো অৱগত কৰে। সেইমৰ্মে অধ্যক্ষগৰাকীয়ে দিছপুৰ আৰক্ষীক বিষয়টো তদন্তৰ বাবে অনুৰোধ কৰে। আৰক্ষীয়ে নিজাববীয়াকৈ চলোৱা তদন্তৰ অন্তত ধৃত মার্কুণ্ডৰ বিৰুদ্ধে বহু তথ্য-প্ৰমাণ সংগ্ৰহ কৰে।

জানিব পৰা মতে, জ্যোতি চিত্ৰবনৰ নিৰাপত্তাৰক্ষী, ৰিচিপচনিষ্ট, পিয়ন, চকীদাৰ আদি পদত নিযুক্তি দিয়াৰ প্ৰলোভন দি ধন সংগ্ৰহ কৰিছিল প্ৰৱঞ্চকটোৱে। লগতে আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি প্ৰৱঞ্চকটোক আদালতত হাজিৰ কৰে। আদালতে প্ৰৱঞ্চকটোক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ বাবে আৰক্ষীক নির্দেশ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply