দক্ষিণ শালমাৰা : হাটশিঙিমাৰীত অনুসূচীত জনজাতিৰ ৩৪ গৰাকী কৃষক হিতাধিকাৰীক বিনামূলীয়া শ্বেলো মেচিন বিতৰণ। চৰকাৰী সাহায্য পাই উৎফল্লিত কৃষক সকল। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাশিঙিমাৰীস্থিত মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ পৰা বৃহস্পতিবাৰে জিলাখনৰ মুঠ ৩৪ গৰাকী অনুসূচিত জনজাতিৰ কৃষক হিতাধিকাৰীক বিনামূলীয়াকৈ শ্বেলো মেচিন বিতৰণ কৰা হয়।
উল্লেখযোগ্য যে অসম চৰকাৰে ৰাজ্যৰ আন আন জিলাৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো অনুসূচিত জনজাতিৰ দৰিদ্ৰ তথা কৃষক হিতাধিকাৰী সকলক চৰকাৰী আঁচনিৰ জৰিয়তে বিভিন্ন সামগ্ৰী বিনামূলীয়াকৈ বিতৰণ কৰি আহিছে। বৃহস্পতিবাৰে জিলাখনৰ বিভিন্ন প্ৰান্তত বসবাস কৰা মুঠ ৩৪ গৰাকী অনুসূচিত জনজাতিৰ কৃষক হিতাধিকাৰীক ৩৪ টা বিনামূলীয়া শ্বেলো মেচিন বিতৰণ কৰে। চৰকাৰীভাৱে সম্পূৰ্ণ বিনামূলীয়াকৈ শ্বেলো মেচিন লাভ কৰা কৃষক সকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়।
লগতে পঢ়ক – দেহ ব্যৱসায়ত পত্নীক জড়িত কৰোৱাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিলে স্বামীক
জিলাখনৰ দক্ষিণ শালমাৰা সমষ্টিৰ বালাডোৱা গাঁৱৰ সমিৰ কুমাৰ মণ্ডল নামৰ অনুসূচিত জনজাতিৰ কৃষক হিতাধিকাৰীজনে চৰকাৰীভাৱে এই শ্বেলো মেচিন লাভ কৰি তেওঁ উপকৃত হৈছে বুলি মন্তব্য প্ৰকাশ কৰি চৰকাৰক ধন্যবাদ নিবেদন কৰে। দৰিদ্ৰ কৃষক সকলে পূৰ্বে তেওঁলোক খেতি কৰিবলৈ মেচিন ভাৰাত লবলগীয়া হৈছিল যদিও এতিয়াৰ পৰা আৰু মেচিন ভাৰা কৰিবলগীয়া নহ’ব আৰু ইয়াৰ ফলত কৃষক সকল অধিক লাভম্বিত হ’ব বুলিও কয় কৃষকজনে।