নিউজ ডেস্ক– ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ নিয়োগ সঞ্চালকালয়ৰ অধীনত গুৱাহাটীৰ অনুসূচিত জাতি-জনজাতিৰ বাবে ৰাষ্ট্ৰীয় কেৰিয়াৰ সেৱা কেন্দ্ৰ (এন চি এছ চি)ৰ উদ্যোগত নিয়োগ একচেঞ্জত পঞ্জীয়নভুক্ত অনুসূচিত জাতি-জনজাতিৰ চাকৰি প্ৰাৰ্থীসকলৰ বাবে ছটা বিনামূলীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰাৰ্থীসকলক মাহেকীয়া ষ্টাইপেণ্ড ১০০০ টকাকৈ প্ৰদান কৰা হব।
তলত উল্লেখ কৰা কাৰ্যসূচীসমূহৰ বাৰ মাহৰ সময়সীমাৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’বঃ
১/ বিশেষ প্ৰশিক্ষণ আঁচনি (ষ্টেনোগ্ৰাফী, ক্লাৰিকেল অন্তৰ্ভুক্ত)
২/ আই টি-‘অ’ লেভেল কম্পিউটাৰ
৩/ ‘অ’ লেভেল কম্পিউটাৰ হাৰ্ডৱেৰ প্ৰতিপালন
৪/ কম্পিউটাৰ প্ৰয়োগ আৰু ব্যৱসায়িক একাউণ্টিং
৫/ চাইবাৰ সুৰক্ষিত ৱেব ডেভেলপমেন্ট
আনহাতে ছয় মাহৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হব:
১/ অফিচ অটোমেচন, একাউণ্টিং আৰু প্ৰকাশন
উল্লেখ্য যে গুৱাহাটী, তেজপুৰ, ডিব্ৰুগড়, যোৰহাট, মাজুলী, কোকৰাঝাৰ আৰু শিলচৰত অৱস্থিত বিভিন্ন ৰাষ্ট্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান (NIELIT) কেন্দ্ৰত ২০২৩ চনৰ জুলাই মাহৰ প্ৰথম সপ্তাহৰ পৰা প্ৰশিক্ষণ আঁচনি আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।
আনহাতে, আবেদন দাখিলৰ অন্তিম তাৰিখ ২৬ মে’ ২০২৩। আবেদনকাৰীয়ে নিয়োগ একচেঞ্জৰ লগতে ৰাষ্ট্ৰীয় কেৰিয়াৰ সেৱা পৰ্টেলত পঞ্জীয়ন কৰিব লাগিব। যিকোনো তথ্যৰ সন্দৰ্ভত প্ৰাৰ্থীসকলে অনুসূচিত জাতি-জনজাতিৰ বাবে গুৱাহাটীৰ এনচিএছচিৰ কাৰ্যালয়লৈ যাব পাৰে অথবা cgc.guwahati[at]gmail[dot]com লৈ ইমেইল কৰিব পাৰে অথবা উপ আঞ্চলিক নিয়োগ বিষয়া (+৯১৯০৫৭২৩০২১০) লৈ ফোন কৰিব পাৰে।