নিউজ ডেস্ক- ফ্ৰান্সৰ বিভিন্ন চহৰত এতিয়া সংঘটিত হৈ আছে হিংসাত্মক ঘটনা। ঠায়ে ঠায়ে সংঘটিত কৰা হৈছে অগ্নিকাণ্ড, জ্বলাই দিয়া হৈছে ফ্ৰান্সৰ মাৰচেইল চহৰত থকা পুথিভঁৰাল ।
কিন্তু কিয় উত্তাল হৈ পৰিছে ফ্ৰান্সবাসী?
দৰাচলতে চলিত বৰ্ষৰ ২৭ জুনত ফ্ৰান্সত সংঘটিত হৈছিল এক শোকাৱহ ঘটনা। নাহেল এম নামৰ এজন ১৭ বছৰীয়া যুৱকক ট্ৰেফীক আৰক্ষীয়ে ৰখিবলৈ দিয়াৰ পাছতো নৰখাৰ বাবে আৰক্ষীয়ে যুৱক জনৰ ওপৰত গুলিচালনা কৰে. আৰু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ ফ্ৰান্সত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি।
ফ্ৰান্সৰ স্থানীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, যুৱকজনে আক্ৰমণৰ লক্ষ্যৰে যান-বাহন আৰক্ষী কেইগৰাকীৰ দিশে তীব্ৰ বেগত গাড়ী চলাই আহিছিল, কিন্তু এই সন্দৰ্ভত পোহৰলৈ অহা চিচি টিভি কেমেৰাত স্পষ্টভাৱে দুজন আৰক্ষীয়ে গাড়ীৰ খিৰিকীৰ কাষত ওচৰৰ পৰা যুৱক জনলৈ পিষ্টল দেখাই থকা আৰু তাৰ পাছত গুলিচালনা কৰা পৰিলক্ষিত হয়।
এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি ফ্ৰান্সৰ ৰাজধানী পেৰিছকে আদি কৰি বহু ঠাইত হিংসাত্মক ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হয় । পেৰিছৰ বাহিৰৰ অংশত কাৰ্ফিউ লগোৱা হৈছে আৰু বাকী চহৰত নিশা বাছ চলাচল বন্ধ কৰি দিয়া হৈছে। ইফালে, ঘটনাটো সন্দৰ্ভত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমেনুৱেল মেকৰনে সংবাদমাধ্যমৰ আগত কয় যে, কোনো কাৰণতে এই যুৱকজনৰ মৃত্যু গ্ৰহণযোগ্য নহয় ।
আৰু পঢ়ক: ‘মোদী উপাধি’ গোচৰৰ সন্দৰ্ভত ৰাহুল গান্ধীক ৰেহাই প্ৰদান
আনহাতে, ৰাষ্ট্ৰপতি গৰাকীৰ এনে মন্তব্যক লৈ ফ্ৰান্সৰ আৰক্ষী প্ৰশাসনে অসন্তুষ্টি প্ৰকাশ কৰি কয় যে- আৰক্ষীৰ বিপক্ষে তেওঁ কম সময়তে এনে ৰায় প্ৰদান কৰাটো উচিত নহয়। এই ঘটনাক আৰক্ষীয়ে শুদ্ধ বুলি প্ৰতিষ্ঠা কৰিব বিচৰাৰ বাবে ফ্ৰান্সৰ আৰক্ষীৰ ওপৰতো শুনানি গ্ৰহণ কৰা হ’ব বুলি কয় – ফ্ৰান্সৰ গৃহমন্ত্ৰীয়ে।
উল্লেখযোগ্য যে, ২০১৭ চনত ফ্ৰান্সত এনে এখন আইন বলবৎ কৰা হৈছিল য’ত গুলী চলোৱাৰ ক্ষেত্ৰত ফ্ৰান্স আৰক্ষীক কিছু শক্তি প্ৰদান কৰা হৈছিল। আৰু দীৰ্ঘদিনৰ পৰাই এই আইনখনৰ বিৰোধিতা কৰি আহিছে মানৱ আধিকাৰ আয়োগে।
ৰ’ই টাৰ্চৰ এক সমীক্ষাত এই কথা পোহৰলৈ আহিছে যে, ২০১৭চনৰ পৰা বৰ্তমানলৈকে ফ্ৰান্সৰ পুলিচৰ গুলীত মৃত্যু হোৱা লোকৰ মাজত অধিকাংশই আৰব দেশৰ তথা কলা সম্প্ৰদায়ৰ লোকৰ। আৰু এই ঘটনাক কেন্দ্ৰ কৰিয়েই বৰ্তমান পৰ্যন্ত ফ্ৰান্সত এক উত্তাল পৰিৱেশে বিৰাজ কৰি আছে । এই প্ৰতিবাদত এতিয়ালৈ ফ্ৰান্সৰ বহু ঠাইত প্ৰতিবাদকাৰীয়ে অগ্নী সংযোগ কৰিছে। তাৰে ভিতৰত ফ্ৰান্সৰ মাৰচেইল চহৰৰ আটাইতকৈ ডাঙৰ পুথিভঁৰাল আলকেজাৰ অন্যতম ।