নিউজ ডেস্ক :কৌশলগত, প্ৰশিক্ষণ, মানৱ সম্পদ উন্নয়ন, আৰু প্ৰশাসনিক দিশসমূহৰ ওপৰত বিস্তৃত আলোচনাৰ সৈতে ১৭-২১ এপ্ৰিলত প্ৰথমবাৰৰ বাবে হাইব্ৰিড মডেলত সেনা অধিনায়ক সন্মিলন অনুষ্ঠিত হৈছিল। এই অনুষ্ঠানত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহন কৰা হয়।

এতিয়াৰে পৰা দেশৰ সেৱা কৰাৰ সময়ত প্ৰাণ ত্যাগ কৰা সৈনিকসকলৰ সন্তানক এজিআইএফৰ জৰিয়তে যত্ন আৰু তত্বাৱধানৰ বাবে দুগুণ ভাট্টা প্ৰদান কৰা হ’ব। লগতে যুদ্ধৰ সময়ত শাৰীৰিকভাৱে হতাহত হোৱা সৈনিকসকলক পেৰালিম্পিক অনুষ্ঠানৰ বাবে চিনাক্ত আৰু প্ৰশিক্ষণ দিয়া হ’ব। তেওঁলোকক ৯ টা ক্ৰীয়া প্ৰতিযোগিতাত সেনা ক্ৰীয়া আৰু মিছন অলিম্পিক নোডত প্ৰশিক্ষণ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।

সন্মিলনত সেনা কামাণ্ডাৰ আৰু অন্যান্য জ্যেষ্ঠ কৰ্মকতাসকলে বৰ্তমান বিকশিত নিৰাপত্তা পৰিস্থিতিৰ বুজ লয় আৰু লগতে ভাৰতীয় সেনাৰ কাৰ্যকৰী প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। ইয়াৰ উপৰিও অগ্নিপথ আঁচনিৰ কাৰ্যকৰী ৰুপায়নৰ অগ্ৰগতিৰ বিষয়ে বিতংভাৱে আলোচনা কৰে। এই বছৰ ৭৯৯ কোটি টকাৰ আনুমানিক ব্যয়ত ৪৩৫ টা চিমুলেটৰ ক্ৰয়ৰ জৰিয়তে চিমুলেটৰ প্ৰশিক্ষণ আচনিৰ বিষয়েও আলোচনা কৰা হয়। সেনাবাহিনীত বিষয়া নিয়োগৰ বাবে টিইএছ প্ৰৱেশ আঁচনিৰ সিদ্ধান্ত ২০২৩ চনৰ জানুৱাৰী মাহত লোৱা হৈছিল এই আচনিৰ আৰ্হিৰ পৰা টিইএছ মডেললৈ স্থানান্তৰ কৰা সিদ্ধান্ত লোৱা হয়।

শীৰ্ষ নেতৃত্বই অন্যান্য সেৱা আৰু চৰকাৰী সংস্থা সমুহৰ সৈতে সমন্বয় বৃদ্ধিৰ বাবে নিৰ্দিষ্ট ক্ষেত্ৰসমুহো চিনাক্ত কৰে। সন্মিলনখনত সৈন্য আৰু প্ৰাক্তন সৈনিকসকলৰ বাবেও কেইবাটাও কল্যানমূলক ব্যৱস্থা আৰু পদক্ষেপ ৰুপায়ন কৰাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ উপৰিও সেনাক এক কাৰ্যকৰী আৰু মাৰাত্মক যুঁজাৰো শক্তি হিচাপে ৰাখিবলৈ আন্ত গাঁথনি, সময় আৰু সম্পদঅনুকুলিত কৰাৰ বাবে প্ৰশিক্ষণ প্ৰচেষ্টাৰ বিষয়ে ব্যাপকভাৱে আলোচনা কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply