নিউজ ডেস্ক- সোমবাৰে ধেমাজি জিলাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত সদৌ অসম কাননগো সন্মিলন অনুস্থিত হয়। এই বাৰ্ষিক সাধাৰণ সভাত ধেমাজি জিলাৰ উপায়ুক্ত অংকুৰ ভৰালীৰ সৈতে ৰাজহ মন্ত্ৰী যোগেন মহন উপস্থিত থাকে।
ৰাজহ মন্ত্ৰী যোগেন মহনে উল্লেখ কৰে যে, এতিয়াৰে পৰা মণ্ডলসকল নীতি নিয়মৰ মাজেৰে কামসমূহ সম্পাদান কৰিব লাগিব আৰু দুৰ্নীতি, ফাঁকি আদি নচলিব। জাতি মাটি আৰু ভেঁটি সুৰক্ষিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা আছে লাট মণ্ডল আৰু গাঁও প্ৰধানৰ। এতিয়াৰে পৰা মণ্ডলৰ চাকৰিত গণিত অথবা পৰিসংখ্যা বিষয়ৰ প্ৰয়োজন হোৱাৰ লগতে উচ্চতৰ মাধ্যমিকত বিজ্ঞান বিষয়ত পঞ্চাশ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হ’ব লাগিব বুলি তেওঁ কয়।

লগতে তেওঁ কয় যে, মণ্ডলসকলক পদোন্নতিৰ ব্যৱস্থা কৰা হৈছে আৰু অসমৰ ২৬ টা ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয় সংযুক্ত কাৰ্যালয়লৈ ৰূপান্তৰিত কৰা হ’ব। আৰু ইয়াত এগৰাকী অতিৰিক্ত উপায়ুক্ত, কোষাগাৰ, ৰাজহ বিষয়াকে ধৰি এটা স্বয়ংসম্পূর্ণ কার্যালয় থাকিব বুলি উল্লেখ কৰে।

উক্ত অধিৱেশনতে ১৯২৬ চনতে স্থাপিত “সদৌ অসম মণ্ডল কাননগো সন্মিলনী”ৰ নাম সলনি কৰি “সদৌ অসম ভূমিলেখ্য কৰ্মচাৰী সন্মিলনী” নামেৰে নামাকৰণ কৰা হয়। আনহাতে সংগঠনটোৰ বিষয়ববীয়াসকলে উল্লেখ কৰে যে ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ মণ্ডল কাননগোসকলৰ পদবীৰ নাম সমূহ চৰকাৰে নতুনকৈ নামাকৰণ কৰাৰ বাবে সন্মিলনীৰ এই নতুন নাম দিয়া হয়।