নিউজ ডেস্ক: জনপ্ৰিয় এপ হোৱাটছএপৰ মূল কোম্পানী মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গে এপটোৰ নতুন আপডেটৰ বিষয়ে ঘোষণা কৰিছে। য’ত ব্যৱহাৰকাৰীয়ে একেটা একাউণ্টেৰে একেলগে চাৰিটা স্মাৰ্টফোনত লগ ইন কৰিব পাৰিব হোৱাটছএপ।
বহুদিনৰ পৰা মাল্টি-ডিভাইচ নামেৰে জনাজাত এই বৈশিষ্ট্যটো উপলব্ধ হৈ থকাৰ বিপৰীতে ইয়াৰ দ্বাৰা ব্যৱহাৰকাৰীয়ে কেৱল নিজৰ প্ৰাথমিক ফোনটোৰ পৰা ব্ৰাউজাৰ, কম্পিউটাৰ, বা এণ্ড্ৰইড টেবলেটৰ পৰাহে হোৱাটছএপ ব্যৱহাৰ কৰিব পাৰিছিল। কিন্তু এতিয়াৰে পৰা ব্যৱহাৰকাৰীয়ে ইয়াক আন ফোনসমূহতো লগ ইন কৰিব পাৰিব। যিটো ইতিমধ্যে বিশ্বজুৰি ব্যৱহাৰকাৰীৰ বাবে মুকলি কৰা হৈছে আৰু অনাগত সপ্তাহত সকলোৰে বাবে উপলব্ধ হ’ব।
কোম্পানীটোৱে এক বিবৃতিত কয় যে, প্ৰতিটো লিংক কৰা ফোনে স্বতন্ত্ৰভাৱে হোৱাটছএপৰ সৈতে সংযোগ স্থাপন কৰে আৰু ব্যক্তিগত বাৰ্তা, মিডিয়া আৰু কলসমূহ এণ্ড টু এণ্ড এনক্ৰিপ্ট কৰাটো নিশ্চিত কৰে। যদিহে প্ৰাথমিক ডিভাইচটো দীৰ্ঘদিন ধৰি নিষ্ক্ৰিয় হৈ থাকে, তেন্তে হোৱাটছএপ ব্যৱহাৰকাৰীৰ একাউণ্টটো আন সকলো ডিভাইচৰ পৰা স্বয়ংক্ৰিয়ভাৱে লগ আউট হ’ব।
ইনষ্টেণ্ট মেছেজিং এপটোৱে কয় যে ফোনসমূহক কম্পেনিয়ন ডিভাইচ হিচাপে লিংক কৰিলে ব্যৱহাৰকাৰীসকলৰ বাবে মেছেজিং সহজ হ’ব কাৰণ তেওঁলোকে চাইন আউট নকৰাকৈয়ে ডিভাইচসমূহৰ মাজত চুইচিং কৰিব পাৰিব আৰু তেওঁলোকে য’ত বন্ধ কৰিছিল তাৰ পৰাই পুনৰ আৰম্ভ কৰিব পাৰিব।
মঙলবাৰে জুকাৰবাৰ্গে ফেচবুকৰ এটা পোষ্টত লিখিছে “আজিৰ পৰা একেটা হোৱাটছএপ একাউণ্টতে চাৰিটা ফোনলৈকে লগ ইন কৰিব পাৰিব।”

মঙলবাৰৰ ঘোষণাৰ পূৰ্বে ব্যৱহাৰকাৰীয়ে মাত্ৰ এটা ফোনতহে এটা একাউণ্টত লগ ইন কৰিব পাৰিছিল, আৰু আন এটা ফোনত লগ ইন কৰাৰ চেষ্টা কৰিলে ব্যৱহাৰকাৰীজনৰ পূৰ্বৰ ফোনটোৰ পৰা লগ আউট হৈছিল।
ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ একাউণ্টৰ সৈতে ছেকেণ্ডাৰী ফোন সংযোগ কৰাৰ পিছত যিকোনো ডিভাইচত হোৱাটছএপ ব্যৱহাৰ কৰিব পাৰিব। ডিভাইচসমূহৰ মাজত এবছৰলৈকে বাৰ্তা ছিংক হ’ব, যাতে ব্যৱহাৰকাৰীসকলে যিকোনো নতুন বাৰ্তা প্ৰেৰণ কৰাৰ আগতে পূৰ্বৰ সকলো তথ্য চাব পাৰিব ।
এই নতুন নিয়মে ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে এক উপযোগী আহিলা হ’ব যাৰ জৰিয়তে একাধিক কৰ্মচাৰীয়ে একেটা ব্যৱসায়িক নম্বৰৰ পৰা বিভিন্ন ফোনযোগে বাৰ্তা প্ৰেৰণ আৰু গ্ৰহণ কৰিব পাৰিব। কিন্তু যিসকল ব্যৱহাৰকাৰীয়ে নিয়মীয়াকৈ একাধিক স্মাৰ্টফোন ব্যৱহাৰ কৰে আৰু যিয়ে এই সকলোবোৰ একেটা হোৱাটছএপ একাউণ্টৰ সৈতে জড়িত হোৱাটো বিচাৰে তেওঁলোকৰ বাবে এই নতুন নিয়মটো আটাইতকৈ উপযোগী বুলি বিবেচনা কৰা হৈছে।