নিউজ ডেস্কঃ অৱশেষত অসম আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান জি পি সিঙে উপ-পৰিদৰ্শক আভাজ্যোতি ৰাভাৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিলে। শুক্ৰবাৰে জি পি সিঙে এক টুইটৰ উত্তৰত জানিবলৈ দিয়ে যে, আভাজ্যোতি ৰাভাৰ বিৰোধী উত্থাপন হোৱা অভিযোগৰ তদন্ত ঘোষণাৰ বাবে দুৰ্নীতি নিবাৰক শাখাক গভীৰ অনুসন্ধান আৰু উপযুক্ত পদক্ষেপৰ বাবে দায়িত্ব প্ৰদান কৰা হৈছে।
নগাঁৱৰ মৰিকলং টাউন আৰক্ষী চকীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাই শেষবাৰলৈ আভাজ্যোতি ৰাভাৰ সৈতে সংযোগ স্থাপন হোৱাৰ জোনমণি ৰাভাৰ মাতৃয়ে জানিবলৈ দি আহিছে। যাৰ বাবে ৪ আৰক্ষী বিষয়াৰ সৈতে আভাজ্যোতি ৰাভাক ৰিজাৰ্ভ ক্লজ কৰা হৈছিল।
উল্লেখ্যে যে, শেহতীয়া বাৱে আভাজ্যোতি ৰাভাৰ বিশাল সম্পত্তিক লৈ বহু লোকে আঙুলি তুলিছিল। জানিব পৰা মতে SI আভাজ্যোতি ৰাভাৰ ৪-৫ খন বিসালী বাহন থকাৰ লগতে এটা ৫ মহলী অট্টালিকাৰো নিৰ্মাণ কাৰ্য চলি আছে। মাত্ৰ তিনিবছৰীয়া চাকৰি কালতেই আভাজ্যোতিয়ে গঢ়া অগাধ সম্পত্তিৰ বিষয়ে বিভিন্ন বাতৰি শিৰোনাম দখল কৰিছিল।
যাৰ বাবে জি পি সিঙে তদন্তৰ বাবে দুৰ্নীতি নিবাৰক শাখাক দায়িত্ব প্ৰদান কৰে। অৱশ্যে দুৰ্নীতি নিবাৰক শাখাৰ তদন্তৰ পিছতহে গম পোৱা যাব কি পদক্ষেপ গ্ৰহণ কৰে আভাজ্যোতি ৰাভাৰ বিৰুদ্ধে।
লগতে পঢ়ক – ছিপাঝাৰত শোকাৱহ পথ দুৰ্ঘটনা, ৩ বৰ্গৰ চাকৰি পাই যোগদান কৰিবলৈ নাপালে উজ্বল নাথে