নিউজ ডেস্ক- ডিব্ৰুগড়ত ২৯ মে’ৰ নিশা আই পি এলৰ জুৱা ধৰিবলৈ গৈ আৰক্ষীয়ে আক্ৰমণৰ বলি হয়। ডিব্ৰুগড়ৰ শান্তিপাৰাত আৰক্ষী আক্ৰমণৰ বলি হোৱাৰ পাছতে কালি ঘটনাৰ লগত জড়িত জুৱাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।  

জানিব পৰা মতে, সোমবাৰে সন্ধিয়া আই পি এলৰ ফাইনেল চলি থকা সময়ত চহৰৰ শান্তিপাৰাৰ প্রদীপ সংঘত বৃহৎ জুৱা খেল চলি আছিল বুলি আৰক্ষীয়ে খবৰ পায়।

একাংশ লোকৰ সহযোগত জুৱাৰী চক্ৰটোৱে আৰক্ষীক আক্ৰমণ চলায় আৰু এন্ধাৰৰ সুযোগ লৈ পলাই যায়। সেই আক্ৰমণত ডিব্ৰুগড়ৰ সদৰ আৰক্ষীৰ নগৰ পৰিদৰ্শক প্ৰদীপ বৰা আহত হয়।

উক্ত ঘটনা সন্দৰ্ভত ডিব্ৰুগড় সদৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ৪১৫, ১৪৩/১৪৭/১৪৯/৩৫৩/৩৩৩ আৰু ডব্লিউ ১৪১৫ ধাৰাত গোচৰ (নং-৩০১/২৩) পঞ্জীয়ন কৰে। আনহাতে আৰক্ষীয়ে কালি ঘটনাৰ লগত জড়িত অভিযোগত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply