লামডিং : লামডিং ৰে’ল আৰক্ষীৰ পুনৰ এক বৃহৎ সাফল্য। লামডিং ৰে’ল ষ্টেচনত পুনৰ জব্দ গাঞ্জা আৰু বাৰ্মীজ চুপাৰি। লামডিং ৰে’ল ষ্টেচনত বুজন পৰিমাণৰ গাঞ্জা আৰু বাৰ্মীজ চুপাৰি জব্দ।
লামডিং ৰে’ল আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই পুনৰ এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। লামডিং ৰে’ল আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ গাঞ্জা আৰু বাৰ্মীজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হৈছে।
জব্দকৃত বাৰ্মীজ চুপাৰিখিনিৰ বজাৰ মূল্য প্ৰায় ৩২ লাখ টকা হব বুলি ৰে’ল আৰক্ষীয়ে অনুমান কৰিছে। ইফালে গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ৮ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে। নামনিমুৱা কাঞ্চনজংঘা এক্সপ্রেসৰ পৰা জব্দ কৰা হৈছে এই নিষিদ্ধ সামগ্রীখিনি।
লগতে পঢ়ক – বোকাখাতত সমাজ কৰ্মী গকুল মাঝিক খতিয়াখলি চিত্ৰলেখা মইনা পাৰিজাতৰ সম্বৰ্ধনা
এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ৰেল আৰক্ষীয়ে ৰে’লখনৰ ডব্লিউআৰ ১৩৮৩৬৮ নম্বৰৰ পাৰ্চেল ডবাৰ পৰা জব্দ কৰে সামগ্রীখিনি। এই সামগ্রীখিনি আগৰতলাৰ পৰা শিয়ালদাহলৈ নিয়াৰ পৰিকল্পনা আছিল আৰু এই ক্ষেত্ৰত ৰে’ল কর্মচাৰী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।