গুৱাহাটী : মহানগৰী গুৱাহাটীত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা। এখন বিলাসী গাড়ীৰ বিশেষ চেম্বাৰৰ পৰা জব্দ গাঞ্জাখিনি। বিলাসী বাহনখনত কেইবাটাও চেম্বাৰৰ বনাই লোৱা হৈছিল গাঞ্জা সৰবৰাহৰ বাবে।
মহানগৰী গুৱাহাটীৰ নালাপাৰাত আৰক্ষীয়ে এখন বিলাসী বাহনৰ পৰা জব্দ কৰিছে বৃহৎ পৰিমাণৰ গাঞ্জা। বাহনখনৰ চিটৰ তলত গাঞ্জা সৰবৰাহৰ বাবে বনাই লোৱা হৈছিল কেইবাটাও বিশেষ চেম্বাৰৰ। এই চেম্বাৰৰ ভিতৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা।
লগতে পঢ়ক – আই আই টি গুৱাহাটীৰ গৱেষক সকলে উদ্ভাৱন কৰিছে ব্যতিক্ৰমী ‘এয়াৰ কণ্ডিচনাৰ’
নালাপাৰাত বাহনখন ৰখাই থকা অৱস্থাত আৰক্ষীয়ে প্ৰত্যক্ষ কৰি আৰক্ষীৰ সন্দেহ ওপজে আৰু বাহনখনত তালাচী চলাই গাঞ্জাখিনি জব্দ কৰে। গাঞ্জাখিনি ত্ৰিপুৰাৰ পৰা আনিছিল বুলি জানিব পৰা গৈছে। দুজন লোকক আটক কৰি আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।