নিউজ ডেস্ক: বৃহস্পতিবাৰে নিশা গুৱাহাটীত এক অভিযান চলাই আৰক্ষীয়ে ২ কোটি টকাতকৈ অধিক মূল্যৰ গাঞ্জা জব্দ কৰাৰ লগতে এজন লোকক গ্ৰেপ্তাৰ কৰে। 

গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই জনোৱা মতে প্ৰায় ৩২০ কিলোগ্ৰাম ওজনৰ গাঞ্জাখিনি এখন ট্ৰাকৰ ভিতৰত লুকুৱাই অনা হৈছিল হৈছিল।

“গোপন তথ্যৰ ভিত্তিত, আমি খানাপাৰাত ট্ৰাকখন ৰখাই তালাচী চলাও আৰু চালকৰ কেবিনত কাষত বনাই লোৱা এটা চেম্বাৰত লুকুৱাই ৰখা গাঞ্জাখিনি উদ্ধাৰ কৰো,” তেওঁ কয়।

ড্ৰাগছখিনি মণিপুৰৰ পৰা আনি থকা হৈছিল বুলি উল্লেখ কৰি মহন্তই আন্তঃৰাষ্ট্ৰীয় বজাৰত ড্ৰাগছখিনিৰ মূল্য ২ কোটি টকাতকৈ অধিক হ’ব বুলি জানিবলৈ দিয়ে। 

“এই সন্দৰ্ভত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু পৰৱৰ্তী তদন্ত চলি আছে,” তেওঁ লগতে কয়।

Chief Minister Himanta Biswa Sarma has congratulated the Guwahati Police on the successful operation.

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সফল অভিযানৰ বাবে গুৱাহাটী আৰক্ষীক অভিনন্দন জনায়।

অসম আৰক্ষীক টুইটাৰ যোগে অভিনন্দন জনাই তেওঁ কয়, “এক গুৰুত্বপূৰ্ণ অভিযানত, গুৱাহাটী আৰক্ষীয়ে (@GuwahatiPol) চুবুৰীয়া ৰাজ্যৰ পৰা অহা এখন ট্ৰাকত অসমত বিক্ৰী কৰাৰ উদ্দেশ্যে লুকুৱাই অনা ৩২০ কিলোগ্ৰাম ওজনৰ গাঁজা জব্দ কৰে কৰাৰ লগতে এজনক আটক কৰে।”

লগতে পঢ়ক – প্ৰচণ্ড শীত; আফগানিস্তানত প্ৰায় ৭০ জন লোকৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply