মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ৩৫ খন গাঁও পঞ্চায়তত ৰাষ্ট্রীয় পঞ্চায়ত দিৱস উপলক্ষে বিশেষ গাঁও সভা। বেংকৰ পৰা কৃষক সকলে কৃষি লোণ লোৱাৰ আহ্বান বিষয়া-কৰ্মচাৰীৰ। প্ৰধানমন্ত্ৰী সন্মান নিধি আঁচনিৰ অন্তৰ্ভুক্ত সকলো কৃষকে লাভ কৰিব কিষান ক্ৰেডিট কাৰ্ড।
ৰাজ্যৰ আন আন জিলাৰ সমান্তৰালভাৱে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মুঠ ৩৫ খন গাঁও পঞ্চায়তত ৰাষ্ট্রীয় পঞ্চায়ত ৰাজ দিৱস উপলক্ষে বিশেষ গাঁও সভাৰ আয়োজন কৰা হয়। এই সভাত কৃষক সকলক চি এছ চিৰ জৰিয়তে বেংকৰ পৰা কৃষি লোণ লোৱাৰ আহ্বান জনোৱাৰ লগতে প্ৰধানমন্ত্ৰী সন্মান নিধি আঁচনিৰ অধীনত থকা সকলো কৃষকক কিষান ক্ৰেডিট কাৰ্ড দিয়া হ’ব বুলি জিলা কৃষি বিষয়াই জানিবলৈ দিয়ে।
লগতে পঢ়ক – ৰে’লৰ ডবাৰ পৰা জব্দ ১ কুইণ্টল ১২ কেজি গাঞ্জা
উল্লেখযোগ্য যে জিলাখনত মুঠ ৩৫ খন গাঁও পঞ্চায়তৰ কাৰ্যালয়ত দেওবাৰে দিনৰ ১১ বজাৰ পৰা বিশেষ গাঁও সভাৰ আয়োজন কৰা হয়। বিশেষকৈ ৰাষ্ট্ৰীয় পঞ্চায়তৰাজ দিৱস উপলক্ষে জিলাখনৰ কৃষি প্ৰধান তথা সাংসদৰ আদর্শ গাঁও পঞ্চায়তত অনুষ্ঠিত হোৱা গাঁও সভাত জিলা কৃষি বিষয়া ডঃ মোজামমেল হক মুখ্য ব্যক্তি হিচাপে উপস্থিত থকাৰ লগতে মানকাচৰ উন্নয়ন খণ্ডৰ মিন উন্নয়ন বিষয়া আব্দুছ ছালাম, পঞ্চায়ত খনৰ সভানেত্ৰী বিউটি হালিমা মণ্ডল উপস্থিত থাকে।