নিউজ ডেস্ক- আজি অংকিতা দত্তৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে শ্ৰীনিবাসৰ জামিন আবেদন নাকচ কৰে। আনহাতে কংগ্ৰেছৰ দলৰ পৰা বহিষ্কৃত অংকিতা দত্তৰ গোচৰটো শ্ৰীনিবাসে খাৰিজ কৰাৰ বাবে আদালতত কৰা আবেদনখনো আদালতে খাৰিছ কৰে।
জানিব পৰা মতে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অজিত বৰঠাকুৰৰ বিচাৰপীঠে শ্রীনিবাসৰ জামিন আবেদন আৰু অংকিতা দত্তৰ গোচৰটো খাৰিজ কৰা আবেদনখনো নাকচ কৰে।
তথ্য অনুসৰি, বিগত ২৩ এপ্ৰিলত গুৱাহাটী উচ্চ ন্যায়ালয়ত শ্রীনিবাসে অংকিতাৰ এজাহাৰ খাৰিজ কৰিবলৈ আবেদন জনাইছিল আৰু লগতে গোচৰটোৰ সন্দৰ্ভত শ্রীনিবাসে আগতীয়কৈ জামিন বিচাৰি আবেদন জনায়। কিন্তু অজিত বৰঠাকুৰৰ বিচাৰপীঠে শ্রীনিবাসৰ জামিন আবেদনৰ শুনানী গ্রহণ কৰি সংশ্লিষ্ট গোচৰটোৰ লগত কোনো ৰাজনৈতিক সম্পর্ক নাই বুলি উল্লেখ কৰে আৰু তেওঁলোক দুয়োজন একেটা দলৰ সদস্য বুলিও ব্যক্ত কৰে ন্যায়াধীশগৰাকীয়ে I
আনহাতে, শুনানীত উল্লেখ কৰা হয় যে আবেদনকাৰীক আগতীয়া জামিনৰ বিশেষাধিকাৰ প্ৰদান কৰা উচিত নহয়। ২৮ এপ্ৰিলত কৰ্ণাটক নিম্ন আদালতত শ্রীনিবাসৰ জামিন নাকচ কৰাৰ পিচত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন বিচাৰি আবেদন কৰিছিল।