গুৱাহাটী: অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ তথা বৰপেটাৰ সাংসদ আব্দুল খালেকে দলীয় দায়িত্বৰ পৰা অব্যাহতি লোৱা এদিন পিছতে দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰাকিবুল হুছেইনে দলীয় দায়িত্বৰ পৰা অব্যাহতি বিচাৰি পত্ৰ দাখিল কৰিছে।
জানিব পৰা মতে, কংগ্ৰেছ দলৰ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতাত নমা মল্লীকাৰ্জ্জুন খৰ্গেৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে আব্দুল খালেক আৰু ৰকিবুল হুছেইনে দলীয় দায়িত্বৰ পৰা নিয়ম অনুসৰি অব্যাহতি লৈছে। উল্লেখযোগ্য যে মল্লীকাৰ্জ্জুন খৰ্গেয়ে লোকসভাৰ সাংসদ শশী থাৰুৰ বিৰুদ্ধে কংগ্ৰেছৰ সভাপতি পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
দেওবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰালৈ লিখা এখন পত্ৰত ৰাকিবুল হুছেইনে কয়, “কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ বাবে মল্লীকাৰ্জ্জুন খৰ্গেৰ প্ৰচাৰত অংশগ্ৰহণ কৰিবলৈ মই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সকলো দলীয় পদৰ পৰা অব্যাহতি লৈছো।”
আনহাতে, তেওঁলোকৰ উপৰি নগাঁৱৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়েও দলৰ সভাপতি পদৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণৰ উদ্দেশ্যে দলীয় পদৰ পৰা অব্যাহতি গ্ৰহণ কৰিছে। সভাপতি পদৰ বাবে প্ৰদ্যুৎ বৰদলৈয়ে শশী থাৰুৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ বিপৰীতে গৌৰৱ গগৈয়ে মল্লীকাৰ্জ্জুন খৰ্গেৰ হৈ প্ৰচাৰ চলাব।
এক ফে’চবুক প’ষ্টত সাংসদ গৌৰৱ গগৈয়ে তামিলনাডুৰ পি আৰ অ’ পদৰ দায়িত্বৰ পৰা পদত্যাগ কৰা বুলি উল্লেখ কৰি কয়, “নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভানেত্ৰী শ্ৰীমতী ছোনীয়া গান্ধীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ, ছোনীয়া গান্ধী ডাঙৰীয়ানীয়ে মোক তামিলনাডু প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাংগঠনিক নিৰ্বাচনৰ প্ৰদেশ ৰিটাৰ্নিং বিষয়া হিচাপে দলটোক সেৱা আগবঢ়োৱাৰ সুযোগ দিয়াৰ বাবে। মই বিচাৰো কংগ্ৰেছ দলৰ স্বাৰ্থত মল্লীকাৰ্জ্জুন খৰ্গে ডাঙৰীয়াৰ দৰে অভিজ্ঞ নেতা সভাপতি নিৰ্বাচিত হোৱাটো,সেয়েহে মই তামিলনাডুৰ পি আৰ অ’ পদৰ পৰা পদত্যাগ কৰিছো আৰু মই মল্লীকাৰ্জ্জুন খৰ্গে ডাঙৰীয়াৰ বাবে সভাপতি নিৰ্বাচন প্ৰচাৰ দলত যোগদান কৰিছো।”
লগতে পঢ়ক –