গুৱাহাটী : জৰ্জ বৰদলৈৰ আত্মহত্যাৰ তদন্ত আৰম্ভ। ডনবস্ক’ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক আটক কৰিছে আৰক্ষীয়ে।ডনবস্ক’ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ষ্টিফেন মেভলিকক আটক কৰিছে সোণাপুৰ আৰক্ষীয়ে।
সোণাপুৰৰ Georgie’s Retreat Eco Campৰ মালিক, বিশিষ্ট ব্যৱসায়ী, সমাজকৰ্মী তথা ডিমৰীয়াৰ এগৰাকী সৰবৰহী ব্যক্তি জৰ্জ বৰদলৈয়ে সোমবাৰে আত্মহননৰ পথ বাচি লোৱা ঘটনাই অঞ্চটোত শোকৰ ছাঁ পেলাইছিল। সোণাপুৰৰ হাতীমুৰাত থকা নিজা বাসগৃহত চিপ লৈ আত্মহত্যা কৰিছিল জৰ্জ বৰদলৈয়ে।
লগতে পঢ়ক – ডিমা হাছাওত মুখ্যমন্ত্ৰীঃ বান-ভূমিস্খলনে ধ্বংসলীলা চলোৱা অঞ্চলসমূহ পৰিদৰ্শন
বহু দিন ধৰি অসুস্থ হৈ থকা জৰ্জ বৰদলৈৰ এই আকস্মিক মৃত্যুৰ খবৰ পোৱাৰ লগে লগে শোকস্তব্ধ হৈ পৰে ডিমৰীয়াবাসী। কি কাৰণত তেওঁ এই সিদ্ধান্ত বাচি ল’লে সেই সম্পৰ্কে সবিশেষ জানিব পৰা হোৱা নাই যদিও ছুইচাইড নোটত উল্লেখ আছিল ডনবস্ক’ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ষ্টিফেন মেভলিকৰ নাম।