নিউজ ডেস্ক: বৃহস্পতিবাৰে উত্তৰ-পূব আঞ্চলিক কৃষি বিপণন নিগমৰ অৱসৰপ্ৰাপ্ত পৰিচালন সঞ্চালক ৰাজীৱ অশোকে এই কথা কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ১৩বিধ কৃষিজাত উৎপাদনৰ বাবে জিঅ’গ্রাফিকেল ইণ্ডিকেশ্যন(জি আই) টেগ্ ব্যৱহাৰ কৰিবলৈ ৮০০ কৃষক আৰু উদ্যোগীক কর্তৃত্ব দিছে।
এই ১৩বিধ সামগ্ৰী হ’ল তেজপুৰৰ লিচু, কাৰ্বি আংলঙৰ আদা, মণিপুৰৰ কাছাই লেমন আৰু চক-হাও নামৰ ক’লা চাউল, মেঘালয়ৰ খাছি মাণ্ডাৰিন অৰেঞ্জ আৰু মেমাং নাৰং অৰেঞ্জ, মিজোৰামৰ মিজো জলকীয়া, নগালেণ্ডৰ নগা ট্রী টমেটো আৰু নগা মিঠা তিয়ঁহ, ত্ৰিপুৰাৰ কুইন মাটিকঁঠাল আৰু ছিকিমৰ ডাঙৰ ইলাচি আৰু ডালে খুৰছানি জলকীয়া।