নিউজ ডেস্ক: গুৱাহাটী মহানগৰীত দুদিনৰ বাবে ১৬ টা অঞ্চলত পৌৰ নিগমে বন্ধ ৰাখিব খোৱাপানীৰ যোগান। পানী টেংকীৰ স্থানান্তৰ কৰাৰ বাবে বন্ধ ৰখা হ’ব পানী যোগান।
গুৱাহাটী পৌৰ নিগমে পাণবজাৰ স্থিত পানী টেংকী স্থানান্তৰ কৰিব ফলত ১২ আৰু ১৩ জুনত গুৱাহাটীবাসীয়ে নাপাব পৌৰ নিগমৰ খোৱাপানী। পাণবজাৰ পানী টেংকীৰ সংলগ্ন অঞ্চলসমুহত দুদিনকৈ বন্ধ থাকিব এই পানী যোগান।
পানী যোগান বন্ধ থাকিবলগীয়া অঞ্চলকেইটা হৈছে পাণবজাৰ, ফাঁচী বজাৰ, আঠগাঁও, এটি ৰোড, ছাত্ৰীবাৰী, পল্টনবজাৰ, ৰিহাবাৰী, কছাৰীবস্তি, বি বৰুৱা ৰোড, গান্ধীবস্তি, দক্ষিণ শৰণীয়া, লাচিতনগৰ, ভঙাগড়, উলুবাৰী, ৰাজগড় আৰু পূব শৰণীয়া।