নিউজ ডেস্ক: গোৱালপাৰা জিলাৰ বহু বিৰ্তকিত বন সংমণ্ডল বিষয়া জিতেন্দ্ৰ কুমাৰক নিলম্বন কৰা হৈছে। আজি ৰাজ্যপালে নিলম্বিত বুলি ঘোষণা কৰে বন সংমণ্ডল বিষয়া জিতেন্দ্ৰ কুমাৰক। গোৱালপাৰা জিলাত যোগদান কৰাৰ পিচদিনৰ পৰাই একাংশ বনদস্যুৰ সৈতে মিলি গোৱালপাৰা জিলাৰ বনজ সম্পদ সমূহ চোৰাং বালি মাফিয়া, চোৰাং কাঠ বেপাৰীক একপ্ৰকাৰে হাতৰ মুঠিত তুলি দিয়া বুলি জিতেন্দ্ৰ কুমাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ আহিছিল । চোৰাং বালি মাফিয়া, কাঠ বেপাৰীৰৰ পৰা সংগ্ৰহ কৰিছিল কোটি কোটি টকা । কেৱল এয়াই নহয় ৰঙা মাটিৰ নামত ব্যৱসায় কৰা একাংশ ৰঙা মাটি ব্যৱসায়ীক গোৱালপাৰা জিলাৰ ঐতিহ্য ধৰি ৰখা পাহাৰসমূহো গতাই দিয়াৰ অভিযোগ উঠিছিল বন বিষয়াগৰাকীৰ বিৰুদ্ধে ।

উল্লেখ্য যে বিগত ৩০ মে’ তাৰিখে কৃষ্ণাই আঞ্চলিক বনবিভাগৰ অধীনস্থ শালপাৰা দৰাপাৰাত একাংশ বনদস্যুৰ আক্ৰমণত নিহত হৈছিল এজন বনকৰ্মী, আনহাতে গুৰুতৰভাৱে আহত হৈছিল তিনিজনকৈ বনকর্মী । সেইদিনাই কৃষ্ণাইৰ ঘটনাস্থলীত আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্র প্রতাপ সিঙ উপস্থিত হৈ ঘটনাৰ বুজ লৈ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে গোৱালপাৰা আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীক । ঘটনাৰ পিচদিনাই গোৱালপাৰাৰ বনবিষয়া জিতেন্দ্ৰ কুমাৰক বদলি কৰে গুৱাহাটীৰ মুখ্য বনসংৰক্ষক কাৰ্যালয়লৈ। ইয়াৰ পাছতে আজি বন সংমণ্ডল বিষয়া গৰাকীক নিলম্বন কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply