গহপুৰ : হুঁচৰি দলৰ দুর্ঘটনাগ্ৰস্ত বাহনখনৰ চালকৰ আত্মসমৰ্পণ। সোমবাৰে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে গহপুৰত অভিশপ্ত বাহনখনৰ চালকজনে। চালকজনৰ ভুলৰ বাবেই পাঁচ গৰাকীকৈ হুঁচৰি দলৰ সদস্যৰ মৃত্যু হৈছিল পথ দুর্ঘটনাত।
অৱশেষত আত্মসমৰ্পণ কৰিলে গহপুৰৰ মৰ্মান্তিক পথ দুর্ঘটনাৰ বাহনখনৰ চালকজনে। সোমবাৰে আমগুৰিত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে অভিশপ্ত বাহনখনৰ চালক অভিজিৎ গগৈয়ে।
অভিজিৎ গগৈ আমগুৰিৰ বাসিন্ধা যদিও কৰ্মসূত্ৰে হেলেমত বসবাস কৰে। উল্লেখ্য যে গহপুৰৰ টকৌবাৰীত এক ভয়ংকৰ পথ দুর্ঘটনাত নিহত হৈছিল হুঁচৰি দলৰ পাঁচজনকৈ সদস্য।
লগতে পঢ়ক – IPLত সোমাল কোৰোনাঃ দিল্লী কেপিটেলছৰ খেলুৱৈসকলক কোৱাৰেন্টাইন
দুর্ঘটনাগ্ৰস্ত বাহনখনৰ চালক অভিজিৎ গগৈয়ে সুৰাপান কৰি বাহন চলাই থকাৰ বাবেই এই পথ দুর্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল। অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে বাহনখনৰ চালক অভিজিৎ গগৈয়ে।