নিউজ ডেস্ক: পাঞ্জাৱৰ স্বৰ্ণ মন্দিৰৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। ৪ টাকৈ বোমা থকাৰ তথ্য পোৱাৰ লগে লগে নিশা এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়।
খৱৰ লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অভিযান চলায়। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৫ জনক আটক কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে, শুকুৰবাৰে নিশা আৰক্ষী নিয়ন্ত্ৰণ কক্ষলৈ এটা ফোন আহিছিল আৰু কোৱা হৈছিল যে শ্ৰী দৰৱাৰ চাহিবৰ সমীপত ৪ টা বোমা আছে। ফোনটোৰ পাছতে আৰক্ষী সতৰ্ক হৈ পৰে আৰু গোটেই নিশা তাত তালাচী চলায়। কিন্তু অভিযানটোৰ পাছত আৰক্ষীয়ে এটাও বোমা উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল। আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। তদন্তৰ অন্তত এগৰাকী শিখ ব্যক্তি আৰু তেওঁৰ ৪ সন্তানক আৰক্ষীয়ে আটক কৰে।
প্ৰাপ্ত তথ্য অনুসৰি, ৪ সন্তানসহ শিখ লোকজনে ধেমালি কৰিবলৈহে এই কাম কৰিছিল আৰু আৰক্ষীক বোমা সম্পৰ্কে মিছা তথ্য প্ৰদান কৰিছিল। আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকক জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে।