মঙলদৈ, প্ৰবীণ বৰুৱা: চৰকাৰী বিদ্যালয়লৈ আহিছে ভালদিন। কিয়নো এখন চৰকাৰী বিদ্যালয়ত নামভৰ্ত্তিৰ বাবে হেতা-ওপৰা কৰিছে অভিভাৱসকলে।
হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী বিদ্যালয়সমূহ উন্নত কৰাৰ কথা ব্যক্ত কৰাৰ পাছতেই তাৰ ফলশ্ৰুতিতেই যেন উন্নত হৈছে এই বিদ্যালয়খন।
দৰং জিলাৰ মঙলদৈ নগৰ বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ত এতিয়া হেতা-ওপৰা কৰিছে সন্তানৰ নামভৰ্ত্তিৰ বাবে অভিভাৱকে।
উল্লেখ্য যে, ১৯৪৩ চনতে স্থাপিত বিদ্যালয়খনে অতিজৰে পৰা আজিও অব্যাহত ৰাখিছে শিক্ষাৰ গুণগত মান। শিক্ষাৰ মান উন্নত হোৱাৰ বাবে বছৰি নামভৰ্তিৰ বাবে হেতা-উপৰা কৰে শিক্ষাৰ্থীয়ে।
জানিব পৰা মতে, মঙলদৈৰ সাবিত্ৰী দাসৰ উদ্যোগত গঢ়ি উঠিছিল মঙলদৈ নগৰ বালিকা নিম্ন বুনিয়াদী বিদ্যালয়খন। এই বিদ্যালয়খনত নামভৰ্ত্তিৰ বাবে শিক্ষাৰ্থীসকলে মৌখিক পৰীক্ষা দিব লাগে আৰু পৰীক্ষাত উত্তীৰ্ণ হলেহে এই বিদ্যালয়খনত পাঠদান কৰিব পাৰে।
জানিব পৰা মতে, ২০২৩-২৪ শিক্ষা বৰ্ষত বিদ্যালয় খনত বৰ্তমানলৈকে ক শ্ৰেণীত নামভৰ্তি হৈছে ৯১ গৰাকী। প্ৰথম শ্ৰেণীত নামভৰ্তি হৈছে ১১৮ গৰাকী। স্কুল খনৰ বৰ্তমান মুঠ ছাত্ৰীৰ সংখ্যা ৮৭৮ গৰাকী। প্ৰত্যেক শ্ৰেণীত তিনিটাকৈ শাখাত বিভক্ত কৰা হৈছে ।
আনহাতে, এই বিদ্যালয়খন ৪জন শিক্ষকৰ দ্বাৰা পৰিচালিত হৈ আছে। তাত কোনোধৰণৰ চকিদাৰৰ ব্যৱস্থাও নাই। তাৰ পাছতো ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে ফেৰ মাৰিব পৰা নাই এই বিদ্যালয়খনক।
বিদ্যালয়খনৰ এগৰাকী শিক্ষয়িত্ৰীয়ে কয় যে, “মঙলদৈৰ আশে-পাশে থকা সকলো গাওঁৰ পৰা আদি কৰি ছিপাঝাৰ পৰ্যন্ত বিভিন্ন ঠাইৰ পৰা নামভৰ্ত্তিৰ বাবে ছোৱালী আহে, এইবাৰ ২৫৯ গৰাকী ছাত্ৰী আহিছিল যদিও বিদ্যালয়খনত সীমিত আসন থকাৰ বাবে নামভৰ্ত্তি দিব নোৱাৰিলো। বিদ্যালয়খনৰ মুঠ আসনৰ সংখ্যা ১৮০ । বহু অভিভাৱক বিমুখ হয় বিদ্যালয়খনৰ পৰা উভতি যায়।”
লগতে শিক্ষয়িত্ৰীগৰাকীয়ে কয় যে, বিদ্যালয়খনত শ্ৰেণীকোঠাবোৰ যথেষ্ট সৰু। এটা কোঠাত ৬০ গৰাকী ছাত্ৰীকে পাঠদান কৰোৱাব পাৰে। কিছুদিন আগলৈকে শিক্ষক-শিক্ষয়িত্ৰীৰ অভাৱ আছিল যদিও টেট পৰীক্ষাৰ পাছত কেইগৰাকীমানে নিযুক্তি লাভ কৰিলে। আনহাতে বিদ্যালয়খনত খেলপথাৰৰ বিশেষ সুবিধা নাই যদিও সৰু খেলপথাৰ এখনতে বিভিন্ন খেল খেলাৰ ব্যৱস্থা আছে।