নিউজ ডেস্ক – অসম চৰকাৰে কৰ্মচাৰীসকললৈ প্ৰদান কৰিছে এক বিশেষ উপহাৰ। ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত ৰাজ্যিক কৰ্মচাৰীসকলে লাভ কৰিব ৪ দিনৰ ছুটি। ৰাজ্য চৰকাৰে সকলো কৰ্মচাৰীৰ বাবে আৰম্ভ কৰা ‘মাতৃ-পিতৃ বন্দনা আঁচনি’ৰ অধীনত সকলো কৰ্মচাৰীকে ফেব্ৰুৱাৰী মাহত দুটা দিন বাধ্যতামূলক ছুটি দিয়াৰ কথা উল্লেখ কৰিছে। সেই অনুসৰি ফেব্ৰুৱাৰী মাহৰ ৯ আৰু ১০ তাৰিখে ‘মাতৃ-পিতৃ বন্দনা আঁচনি’ৰ অধীনত ৰাজ্যিক কৰ্মচাৰীসকলে বন্ধ লাভ কৰিব। উল্লেখিত দুয়োটা দিনত কৰ্মচাৰীসকলে নিজ পিতৃ-মাতৃৰ সৈতে সময় পাৰ কৰিব পাৰিব।

উল্লেখ্য যে ১১ ফেব্ৰুৱাৰী মাহটোৰ দ্বিতীয়টো শনিবাৰ আৰু ১২ ফেব্ৰুৱাৰী হৈছে দেওবাৰ। সেয়েহে এই দুয়োটা দিনটো সকলো চৰকাৰী কাৰ্যালয় বন্ধ থাকিব। গতিকে ৰাজ্যিক কৰ্মচাৰীসকলে ‘মাতৃ-পিতৃ বন্দনা আঁচনি’ৰ অধীনত ৯ আৰু ১০ ফেব্ৰুৱাৰীত ২ দিন আৰু ১১ ত দ্বিতীয় শনিবাৰ আৰু ১২ ত দেওবাৰ মিলাই মুঠ ৪ দিন একেলগে বন্ধ লাভ কৰিব।

উল্লেখ্য যে, এই সুবিধা গ্ৰহণ কৰিবৰ বাবে কৰ্মচাৰীসকলে ৰাজ্য চৰকাৰৰ প’ৰ্টেল https://matripitrivandana.assam.gov.in ৰ জৰিয়তে আবেদন কৰিব লাগিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply