জনিয়া : বৰপেটাৰ জনিয়াত উদ্ধাৰ এটা কেঁকো সাপ। এজন লোকৰ ঘৰৰ পৰা উদ্ধাৰ হয় কেঁকো সাপটো। ৰাইজে বন বিভাগক গতাই দিয়ে কেঁকো সাপটো।
বৰপেটা জিলাৰ জনিয়াৰ পাতলিকুছিত বৃহস্পতিবাৰে নিশাৰ ভাগত উদ্ধাৰ হয় এটা কেঁকো সাপ। হাসমত আলী নামৰ এজন লোকৰ ঘৰৰ দেৱালত বগাই থকা অৱস্থাত একাংশ লোকে কেঁকো সাপটোক প্ৰত্যক্ষ কৰে।
লগতে পঢ়ক – পুনৰ গুৱাহাটীৰ ৰাজপথ উত্তাল কৰিলে বিধায়ক অখিল গগৈয়ে
ৰাইজে দেৱালৰ পৰা কেঁকো সাপটোক উদ্ধাৰ কৰি বন বিভাগক খবৰ দিয়ে। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হোৱাত ৰাইজে কেঁকো সাপটো বন বিভাগক গতাই দিয়ে।