গুৱাহাটী : অসমৰ ৫ টা মুছলমান উপগোটক খিলঞ্জীয়া মুছলমানৰ মৰ্যাদা প্ৰদান। অসম চৰকাৰৰ কেবিনেটত অসমৰ ৫ টা মুছলমান উপগোটক খিলঞ্জীয়া মুছলমানৰ মৰ্যাদা প্ৰদান কৰা হয়। মঙলবাৰে অসম চৰকাৰৰ কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসম চৰকাৰৰ কেবিটনৰ এই সিদ্ধান্তক আদৰণি জনাইছে গৰিয়া উন্নয়ন পৰিষদ, অসমে।
বুধবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি গৰিয়া উন্নয়ন পৰিষদ, অসমৰ অধ্যক্ষ হাফিজুল আহমেদে কয় যে অসম চৰকাৰৰ এই পদক্ষেপ এক ঐতিহাসিক পদক্ষেপ। অসমৰ গৰিয়া, মৰিয়া, দেশী, জলহা আৰু চৈয়দ সকলৰ ক্ষেত্ৰত চৰকাৰে লোৱা সিদ্ধান্তই সকলো মুছলমানক একাকাৰ কৰা ষড়যন্ত্ৰৰ পৰা জনগোষ্ঠী কেইটাক উদ্ধাৰ কৰিলে।
গৰিয়া উন্নয়ন পৰিষদ, অসমৰ অধ্যক্ষ হাফিজুল আহমেদ আৰু উপাধ্যক্ষ মুস্তক উদ্দিন আহমেদে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। অসমৰ এই ৫ টা মুছলমান জনগোষ্ঠীক খিলঞ্জীয়াৰ মৰ্যাদা প্ৰদান কৰিলেই নহ’ব, জনগোষ্ঠী কেইটাৰ থলুৱা কৃষ্টি, সংস্কৃতি আৰু পৰম্পৰা বৰ্তাই ৰাখিব লাগিব বুলিও কয় গৰিয়া উন্নয়ন পৰিষদ, অসমৰ অধ্যক্ষ হাফিজুল আহমেদে।
লগতে পঢ়ক – অসমৰ পাঁচটা জনগোষ্ঠীৰ লোকলৈ খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি ৰাজ্য চৰকাৰৰ
চৰকাৰে গৰিয়া, মৰিয়া, দেশী, জলহা, চৈয়দ আদি জনগোষ্ঠী সমূহৰ গাঁও সমূহ চিনাক্ত কৰণৰ বাবে যি পদক্ষেপ হাতত লৈছে তাত সকলো দল-সংগঠনক সহযোগ কৰিবলৈ আহ্বান জনায় পৰিষদৰ অধ্যক্ষ গৰাকীয়ে। জনগোষ্ঠী কেইটাৰ গাঁও সমূহৰ চিনাক্ত কৰণ নহ’লে বিভিন্ন নগৰে-চহৰে সিঁচৰতি হৈ থকা জনগোষ্ঠী কেইটাৰ লোক সকলক চিনাক্ত কৰাটো অসম্ভৱ হৈ পৰিব বুলিও তেওঁ কয়।