হাটশিঙীমাৰী : ৫ জনগোষ্ঠীক খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি প্ৰদানত উৎফুল্লিত গৰিয়া, মৰিয়া, দেশী, জাতীয় পৰিষদ। অসম চৰকাৰৰ কেবিনেটত ৫ জনগোষ্ঠীক খিলঞ্জীয়া মুছলমান হিচাপে স্বীকৃতি প্ৰদান কৰাত উৎফুল্লিত হৈ উঠিছে দক্ষিণ শালমাৰা-মানকাচৰ জিলা গৰিয়া, মৰিয়া, দেশী জাতীয় পৰিষদৰ সদস্য সকল।
গৰিয়া, মৰিয়া, দেশী জাতীয় পৰিষদৰ সদস্য সকলে বুধবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ফটকা ফুটাই আনন্দ উল্লাস কৰাৰ লগতে মুখ্যমন্ত্ৰী ড° হেমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে৷ ৫ জনগোষ্ঠীক খিলঞ্জীয়া মুছলমানৰ স্বীকৃত প্রদান কৰাত সংগঠনটোৱে আশা প্ৰকাশ কৰে যে এতিয়াৰে পৰা দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দেশী জনগোষ্ঠীৰ লোক সকলে “ডি” ভোটাৰৰ সমস্যা, বাংলাদেশী সমস্যা তথা এন আৰ চিৰ পৰা নাম বাদ পৰা সমস্যা বোৰ মুক্ত হ’ব।
লগতে পঢ়ক – অ’ এন জি চিত ওলাইছে জুনিয়ৰ কন্সাল্টেন্টৰ চাকৰি; আকৰ্ষণীয় দৰমহা
২০০৬ চনৰ পৰা অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত বিশেষ লোকপিয়লৰ জৰিয়তে দেশী লোক সকলোক জৰীপ কৰি খিলঞ্জীয়াৰ মৰ্যাদা দিবলৈ বহুবাৰ দাবী উত্থাপন কৰাৰ ফলস্বৰূপে আজি অসম চৰকাৰে কেবিনেট সিদ্ধান্ত লৈ এই বিল অনুমোদন জনাই অসমৰ থলুৱা জনগোষ্ঠী গৰিয়া, মৰিয়া, দেশী, জলহা, আৰু ছৈয়দ ইছলাম ধৰ্মীয় লোক সকলোক স্বীকৃতি প্ৰদান কৰাৰ ঐতিহাসিক সিদ্ধান্তক ধন্যবাদ আৰু কৃতজ্ঞতা জনায় সংগঠনটোৰ সদস্য সকলে। সংগঠনটোৱে লগতে বিশেষ জৰীপৰ দ্বাৰা এই খিলঞ্জীয়া জনগোষ্ঠী কেইটাক চিনাক্তকৰণ কৰিবলৈ অসম চৰকাৰক অনুৰোধ জনায়।