আজি শোণিতপুৰ জিলাৰ গাৰপালত অনুষ্ঠিত অসম গোৰ্খা সন্মিলনৰ ৫৭সংখ্যক সন্মিলন দিৱসত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, জনসাধাৰণৰ অপাৰ স্নেহ আৰু আদৰত আপ্লুত হৈছোঁ। অসমীয়া সমাজৰ অভিন্ন অংগ গোৰ্খাসকলৰ সৰ্বাংগীণ বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ সক্ৰিয় পদক্ষেপ গ্ৰহণৰ বিষয়ে নিশ্চয়তা প্ৰদান কৰোঁ।

তেওঁ উল্লেখ কৰে যে, গোৰ্খাসকলে কঠোৰ পৰিশ্ৰম আৰু সাহসিকতাৰ বাবে থিয় দিছে। তেওঁলোকে আমাৰ ৰাজ্য আৰু আমাৰ ৰাষ্ট্ৰ গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। শোণিতপুৰত ৫৭ সংখ্যক গোৰ্খা সন্মিলনত তেওঁলোকৰ অৱদানক সন্মান জনায়।
তেওঁ ভাষণ দি কয় যে, অসমৰ গোৰ্খাসকল বিদেশী নহয়, তেওঁলোক অসমীয়া আৰু তেওঁলোক অসমবাসী। আজিৰপৰা OBCৰ মানপত্ৰ বিচাৰি OBC সন্মিলনত যাব নালাগে, গোৰ্খা সন্মিলনে আজিৰপৰা OBC মানপত্ৰ দিব পাৰিব। ভাল পুজিঁ দিয়াৰ লগতে গাৰপালত এটা স্টেডিয়াম বনোৱাৰ কথাও উল্লেখ কৰে। শেষত গাৰপালত পুলিচ আউটপুষ্ট এখন নিৰ্মাণ কৰাৰ কথাও উল্লেখ কৰে।

আনহাতে, মুখ্যমন্ত্ৰী গৰাকীৰ লগত অনুষ্ঠানটোত দাৰ্জিলিঙৰ মাননীয় সাংসদ ৰাজু বিষ্ট, তেজপুৰৰ মাননীয় সাংসদ পল্লৱলোচন দাস, মাননীয় সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা, মাননীয় বিধায়কসকল প্ৰমোদ বৰঠাকুৰ, গণেশ লিম্বু, গোবিন্দ বসুমতাৰী আৰু পৃথিৰাজ ৰাভাকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷
