গৰৈমাৰী : গৰৈমাৰী আৰক্ষীৰ স্বাসৰুদ্ধকৰ অভিযান৷ অৱশেষত আৰক্ষীৰ জালত পৰিল ৰাজ্য জোকাৰি যোৱা ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত ৰবিউল হক৷ ধৰ্ষণকাণ্ডৰ ২৪ ঘন্টা পাৰ নহওঁতে আৰক্ষীয়ে আটক কৰিলে পলাতক ধৰ্ষণকাৰীক৷

দক্ষিণ কামৰূপৰ গৰৈমাৰীত শুকুৰবাৰে নিশা সংঘটিত হৈছিল এক জঘন্য ধৰ্ষণকাণ্ড৷ ধৰ্ষণ কৰি নিশাৰ ভাগত ৰাজপথত পেলাই থৈ গৈছিল এগৰাকী ১৫ বছৰীয়া কিশোৰীক৷ স্থানীয় ৰাইজে উদ্ধাৰ কৰি কিশোৰী গৰাকীক ভৰ্তি কৰাইছিল গৰৈমাৰী সামুহিক স্বাস্থ্য কেন্দ্ৰত৷

লগতে পঢ়ক –  ৰাজ্যত হ্ৰাস পাইছে অপৰাধঃ অসম আৰক্ষী

ঘটনা সংঘটিত কৰি পলায়ন কৰিছিল লম্পট ৰবিউল হকে। গৰৈমাৰী আৰক্ষীয়ে ২৪ ঘন্টা পাৰ নহওঁতে শনিবাৰে নিশা প্ৰায় দুই বজাত গৰৈমাৰীৰ আলিকাষৰ পৰা আটক কৰিবলৈ সক্ষম হয় পাষণ্ড ধৰ্ষণকাৰীজনক৷ ধৰ্ষণকাৰী ৰবিউল হকৰ ঘৰ গৰৈমাৰীৰ পুখুৰীপাৰত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply