গুৱাহাটী : এগৰাকী মহিলা চিকিৎসক আৰু দুগৰাকী নাৰ্ছক আটক কৰিছে আৰক্ষীয়ে। উত্তৰ গুৱাহাটীৰ গৌৰীপুৰ আৰক্ষীয়ে আটক কৰিছে এগৰাকী মহিলা চিকিৎসক আৰু দুগৰাকী নাৰ্ছক। চিকিৎসক আৰু নাৰ্ছ দুগৰাকী উত্তৰ গুৱাহাটী জি এন আৰ চি হাস্পতালৰ।
উত্তৰ গুৱাহাটীৰ গৌৰীপুৰ আৰক্ষীয়ে জি এন আৰ চি হাস্পতালৰ এগৰাকী মহিলা চিকিৎসক আৰু দুগৰাকী নাৰ্ছক আটক কৰিছে। এগৰাকী স্বাস্থ্যকৰ্মীৰ আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি জি এন আৰ চি হাস্পতালৰ মহিলা চিকিৎসক আৰু নাৰ্ছ দুগৰাকীক আটক কৰিছে আৰক্ষীয়ে।
লগতে পঢ়ক – Horoscope : আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?
জানিব পৰা মতে কিছুদিন পূৰ্বে জি এন আৰ চি হাস্পতালত এগৰাকী মহিলা স্বাস্থ্যকর্মীৰ মৃতদেহ উদ্ধাৰ হৈছিল। মৃতদেহ উদ্ধাৰ হোৱা স্বাস্থ্যকর্মী গৰাকীৰ ছুইচাইড নোটত উল্লেখ্য আছিল যে এগৰাকী মহিলা চিকিৎসক আৰু দুগৰাকী নাৰ্ছৰ মানসিক অশান্তিৰ বাবেই এই স্বাস্থ্যকর্মী গৰাকীয়ে চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে।