নিউজ ডেস্ক: ঘৰুৱা বজাৰত চাউলৰ মুল্য বৃদ্ধি হোৱাৰ ফলত চৰকাৰে গ্ৰহন কৰিছে নতুন পদক্ষেপ। চাউল ৰপ্তানিকাৰী বিশ্বৰ বৃহত্তম দেশ ভাৰতে অধিকাংশ প্ৰকাৰৰ চাউলৰ ৰপ্তানি নিষিদ্ধ কৰাৰ কথা বিবেচনা কৰিছে ।

ঘৰুৱা বজাৰ চাউলৰ দাম বৃদ্ধিৰ বাবে চৰকাৰে বাছমতিৰ বাহিৰে আন চাউলৰ ৰপ্তানি নিষিদ্ধ কৰিবলৈ এটা পৰিকল্পনা আলোচনা কৰি আছে । এই বিষয়ে জনা সূত্রই কয় যে ঘৰুৱা বজাৰত চাউলৰ দাম বৃদ্ধি কাৰণে মুদ্রাস্ফীতি বাঢ়িব পাৰে আৰু চৰকাৰে অধিক মুদ্রাস্ফীতি এৰাই চলিবলৈ বিচাৰিছে।

উল্লেখ্য যে যদি নিষেধাজ্ঞা বলৱৎ কৰা হয় তেন্তে ভাৰতৰ প্ৰায় ৮০% চাউলৰ ৰপ্তানি বন্ধ হ’ব। ফলত ঘৰুৱা বজাৰত চাউলৰ দাম কমিব। কিন্তু আন্তঃৰাষ্ট্ৰীয় বজাৰত দাম বাঢ়িব

লগতে পঢ়ক: ৫০০ আপত্তি পৰামৰ্শ লাভ নিৰ্বাচন আয়োগৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply