নগাঁও : উৎকােচ লৈ পুনৰ এজন চৰকাৰী কৰ্মচাৰী গ্ৰেপ্তাৰ। দুৰ্নীতি নিবাৰক শাখাই পুনৰ এজন চৰকাৰী কৰ্মচাৰীক উৎকােচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰিলে। ১০ হাজাৰ টকা উৎকোচ লৈ ধৰা পৰিল খাদ্য সুৰক্ষা বিভাগৰ এজন পৰিদৰ্শক।

নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত কৰ্মৰত এজন খাদ্য সুৰক্ষা বিভাগৰ পৰিদৰ্শক দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে। ১০ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাই হাতে লােটে গ্ৰেপ্তাৰ কৰে খাদ্য সুৰক্ষা বিভাগৰ পৰিদৰ্শকজনক।

লগতে পঢ়ক –  মহিলা আৰক্ষীক দুৰ্ব্যৱহাৰ কৰাৰ গোচৰত জামিন লাভ জিগনেশ মেৱানীৰ

বিৰিঞ্চি কুমাৰ কাৰ্জি নামৰ পৰিদৰ্শকজন শুকুৰবাৰে দুৰ্নীতি নিবাৰক শাখাৰ হাতত ধৰা পৰে। বিৰিঞ্চি কুমাৰ কাৰ্জি নামৰ পৰিদৰ্শকজনে এজন পৰা খাদ্য সুৰক্ষা অনুজ্ঞাপত্ৰ দিয়াৰ নামত ১ লাখ দাবী কৰিছিল। শুকুৰবাৰে ১০ হাজাৰ ৫੦੦ টকা উৎকোচ লৈ থকা অৱস্থাত ধৰা পৰে পৰিদৰ্শকজন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply