নিউজ ডেস্ক: কেন্দ্ৰীয় চৰকাৰে নতুন কেন্দ্ৰীয় মাধ্যম স্বীকৃতি নিৰ্দেশনা (Central Media Accreditation Guidelines) 2022 প্ৰকাশ কৰিছে। সোমবাৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ তথ্যত প্ৰকাশ পোৱা মতে নতুন নিৰ্দেশনাৰ অধীনত ডিজিটেল সংবাদ মাধ্যমত কাম কৰা সাংবাদিকসকলক পোন প্ৰথমবাৰৰ বাবে মান্যতা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
উক্ত নিৰ্দেশনা অনুসৰি যিসমূহ ডিজিটেল সংবাদ গোষ্ঠীয়ে IT(Intermediary Guidelines and Digital Media Ethics Code), Rules,202-ৰ অধীনত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ক যাৱতীয় তথ্য দাখিল কৰিছে সেইসমূহ অনলাইন গোষ্ঠীয়ে স্বীকৃতি লাভ কৰাৰ বাবে যোগ্যতা অৰ্জন কৰিব।
নতুন নিৰ্দেশনা অনুসৰি স্বীকৃতিৰ বাবে আৱেদন কৰা ৱেবছাইটো এবছৰ পুৰণি হোৱাৰ লগতে নিউজ পৰ্টেলটোৰ সম্পাদক ভাৰতীয় নাগৰিক হ’ব লাগিব। ইয়াৰ উপৰি ৱেবছাইটটোৰ ভাৰতত এটা পঞ্জীয়নভুক্ত কাৰ্য্যালয় থকাৰ লগতে দিল্লীস্থিত সংবাদদাতা থাকিব লাগিব।
উল্লেখযোগ্য যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে নতুন নীতিৰ অধীনত সাংবাদিকসকলৰ স্বীকৃতিৰ বাবে কেইবাটাও নীতি-নিৰ্দেশনা জাৰি কৰিছে।
সেই অনুসৰি ছপা সংবাদ মাধ্যমৰ সাংবাদিকসকলে নতুনকৈ স্বীকৃতিৰ বাবে আৱেদন কৰিব তেওঁলোকে কাম কৰা প্ৰতিষ্ঠানৰ RNI পঞ্জীয়ন আৰু বিতৰণ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। আনহাতে টিভিৰ সাংবাদিকসকলে এটা সংবাদ আৰু তথা কাৰেণ্ট এফেয়াৰ্ছ চেনেল হিচাপে আপলিংকিং আৰু ডাউনলিংকিঙৰ বাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ পৰা লাভ কৰা অনুমতি পত্ৰ দাখিল কৰিব লাগিব।
নতুন নিৰ্দেশনাত উল্লেখ কৰা মতে দেশৰ “নিৰাপত্তা, সাৰ্বভৌমত্ব আৰু অখণ্ডতা” আৰু “ৰাজহুৱা শৃংখলা, শালীনতা বা নৈতিকতা”ৰ বিৰোধী কাম কৰা সাংবাদিকসকলে তেওঁলোকৰ চৰকাৰী স্বীকৃতি হেৰুৱাব।
লগতে পঢ়ক – বাজাজ গোটৰ প্ৰাক্তন অধ্যক্ষ, প্ৰখ্যাত উদ্যোগপতি ৰাহুল বাজাজৰ দেহাৱসান