নিউজ ডেস্ক– ৰাজ্য চৰকাৰে শিক্ষানুষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তিৰ বাবদ প্ৰায় পঞ্চাশ কোটি টকাৰ এটকাও প্ৰদান কৰা নাই বুলি প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আম আদমি পাৰ্টিয়ে৷  দলটোৱে অভিযোগ কৰে যে ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাক উন্নত কৰাত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যে তিলমানো আগ্ৰহ আৰু সদিচ্ছা নাই।

অসম চৰকাৰে যি সময়ত প্ৰতিমাহে ১০ তাৰিখে অৰুণোদয়কে ধৰি বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলক ধন আদায়ৰ ব্যৱস্থা কৰিছে, সেই সময়তে চৰকাৰখনে বিগত তিনি বছৰ ধৰি মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানসমূহৰ বিনামূলীয়া নামভৰ্তিৰ ধন ঘূৰাই দিয়া নাই বুলিও কয় দলটোৱে।

আনহাতে, শিক্ষা বিভাগৰপৰা পাবলগীয়া প্ৰায় পঞ্চাশ কোটি টকাৰ এটকাও লাভ নকৰাত প্ৰায় ১,১০৯খন বিদ্যালয়ত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাত শিক্ষানুষ্ঠানসমূহে বিদ্যুৎ মাচুল আদায়, ডেস্ক-বেঞ্চৰ মেৰামতি, নামভৰ্তিৰ প্ৰ-পত্ৰ ছপা, খেল-ধেমালিৰ সামগ্ৰী ক্ৰয় কৰিব পৰা নাই।

অসমৰ আম আদমি পাৰ্টিৰ সভাপতি ডাঃ ভৱেন চৌধুৰীয়ে এই প্ৰসংগত কয়, “বিজেপি চৰকাৰে যিমানে নিজৰ কামৰ বাবে ঢাক-ঢোল বজাবলৈ যত্ন কৰিছে সিমানেই এখন ওলোটা ছবিহে আমি দেখিবলৈ পাইছোঁ। চৰকাৰে শিক্ষানুষ্ঠানক মুঠেও গুৰুত্ব প্ৰদান কৰিব পৰা নাই আৰু শিক্ষা খণ্ডক গুৰুত্ব নিদিয়া চৰকাৰৰ শাসনত বহি থকাৰ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে।”

প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰিছে যে,  বিগত ২০২০-২১, ২০২১-২২ আৰু ২০২২-২৩ বৰ্ষত বিদ্যালয়সমূহে চৰকাৰৰপৰা নামভৰ্তি আৰু আভ্যন্তৰীণ পৰীক্ষাৰ ৰেহাই মাচুল লাভ কৰা নাই তাৰফলত বহু বিদ্যালয়ে তিনি বছৰ ধৰি আভ্যন্তৰীণ পৰীক্ষাৰ বাবে ক্ৰয় কৰা কাগজৰ মূল্য আদায় দিব নোৱৰাত বহুতো অধ্যক্ষই নিজৰ দৰমহাৰ ধনেৰেই সেয়া পৰিশোধ কৰিবলগীয়া হৈছে।বিনামূলীয়া নামভৰ্ত্তিৰ বাবদ বিদ্যালয়সমূহে পাবলগীয়া ধন শীঘ্ৰে মোকলাই দিবলৈ আম আদমি পাৰ্টীয়ে দাবী জনায়। বিদ্যালয়সমূহৰ দৈনন্দিন খৰচৰ বাবে প্ৰয়োজনীয় পুঁজি নোহোৱা কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চৰকাৰী স্কুলসমূহ একাদিক্ৰমে ধ্বংসৰ কৰাৰ ষড়যন্ত্ৰ কৰিছে নেকি প্ৰশ্ন উত্থাপন কৰিছে দলটোৱে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply