নিউজ ডেস্ক- কৰ্ণাটকৰ নাগৰিকসকলৰ বাবে সুখবৰ। ৰাজ্যখনৰ কংগ্ৰেছ চৰকাৰে ‘যুৱনিধি’ আঁচনিৰ অধীনত (১৮-২৫ বছৰৰ যুৱক-যুৱতী) প্রতি মাহে নিবনুৱা স্নাতকক ৩,০০০ টকাকৈ আৰু নিবনুৱা ডিপ্লমাধাৰীক ১,৫০০ টকাকৈ ভাত্তা প্ৰদান কৰিব।
কালি কংগ্ৰেছ চৰকাৰে নিৰ্বাচনৰ আগতে দিয়া পাঁচটা প্রতিশ্রুতি বৰ্ণ আৰু ধৰ্ম নিৰ্বিশেষে এই বিত্তীয় বৰ্ষতে পূৰণ কৰিবলৈ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰে।
কেবিনেটৰ এই সিদ্ধান্ত সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সিদ্ধৰামায়াই কথা যে, এই প্ৰতিশ্ৰুতিবোৰৰ পূৰণৰ কাম ১১ জুনৰ পৰা আৰম্ভ হ’ব। তেওঁ কয় যে তেওঁ আৰু উপ-মুখ্যমন্ত্ৰী ডি কে শিৱ কুমাৰে প্ৰতিশ্ৰুতিত স্বাক্ষৰ কৰিছোঁ।
উল্লেখ্য যে, কংগ্ৰেছে নিৰ্বাচনৰ আগত চৰকাৰে নাগৰিকসকলক পাঁচটা প্রতিশ্রুতি দিছিল। সেইবোৰ হৈছে— (১) সখী শক্তি আঁচনি: কৰ্ণাটকৰ চৰকাৰী বাছত মহিলাৰ বাবে বিনামূলীয়া ভ্ৰমণ, (২) গৃহজ্যোতি আঁচনি: সকলো ঘৰৰ বাবে প্রতি মাহে ২০০ ইউনিট বিদ্যুৎ বিনামূলীয়া, (৩) অন্ন ভাগ্য আঁচনি: প্রত্যেকটো বি পি এল পৰিয়ালক প্ৰতিমাহে ১০ কিল’গ্রাম বিনামূলীয়া চাউল। বিজেপি চৰকাৰৰ দিনত ইয়াৰ পৰিমাণ আছিল ৫ কিল’গ্ৰাম, (৪) গৃহলক্ষ্মী আঁচনি: এই আঁচনিৰ অধীনত পৰিয়ালৰ মহিলা মুৰব্বীক প্ৰতিমাহে ২ হাজাৰকৈ টকা আৰু (৫) যুৱ নিধি আঁচনি। এইসমূহ আঁচনিৰ সখী শক্তি আঁচনি ১১ জুনৰ পৰা, গৃহজ্যোতি আৰু অন্ন ভাগ্য ১ জুলাইৰ পৰা তথা গৃহলক্ষ্মী ১৫ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব।
আনহাতে ‘যুৱনিধি’ আঁচনি কাৰ্যকৰী কৰাৰ বাবে কোনো নিৰ্দিষ্ট তাৰিখ জনোৱা হোৱা নাই। কিন্তু এই বিত্তীয় বৰ্ষৰ ভিতৰতে কাৰ্যকৰী হ’ব বুলি জনোৱা হৈছে।