নিউজ ডেস্ক: হেমকোষ ব্ৰেইল সংস্কৰণেৰে বিশ্বভিলেষ কৰা জয়ন্ত বৰুৱাক বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু ডিব্ৰুগড় সাহিত্য সভাৰ পৰা বিশেষভাবে শুক্ৰবাৰে সম্বৰ্ধনা জনোৱা হয়।

হেমকোষৰ ব্ৰেইল সংস্কৰণৰ যোগেদি বিশ্বৰ সৰ্ববৃহৎ ব্ৰেইল অভিধানৰ স্বীকৃতিৰ জৰিয়তে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডচত স্থান লাভ কৰা তথা অসমীয়া ভাষা,সাহিত্য,সংবাদ ক্ষেত্ৰত অন্যতম বৰঙণি যোগোৱা সাদিন-প্রতিদিন গোষ্ঠী তথা প্ৰতিদিন কাকতৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাক উজনি অসমৰ অন্যতম সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ তৰফৰ পৰা ফুলাম গামোচা,চেলেং চাদৰ,স্মাৰক,ফুলাম জাপি, সম্বৰ্ধনা পত্ৰৰ দ্বাৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

ক্লাবৰ সভাপতি মনজিৎ বৰা, উপ-সভাপতি বিভাস দুৱৰা,সম্পাদক ৰাতুল গোহাঁই, সহকাৰী সম্পাদক মুক্তামণি হাজৰিকা সহ সাংবাদিক সকল উপস্থিত থাকে।

আনহাতে, ডিব্ৰুগড় সাহিত্য সভাৰ হৈ সভাপতি ড° শশীকান্ত শইকীয়া, উপ-সভাপতি বিভাস দুৱৰা আৰু সম্পাদক ৰাতুল গোহাঁয়ে সাহিত্য সভাৰ স্মাৰক, চেলেং চাদৰ আৰু ফুলাম গামোছাৰে অসমীয়া প্ৰতিদিন কাকতৰ ডিব্ৰুগড় সংস্কৰণৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সভাত সম্বৰ্ধনা জ্ঞাপন কৰে।

লগতে পঢ়ক – তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰযুক্তি উদ্ভাৱন আৰু সহায়ক কেন্দ্ৰ স্থাপনৰ বাবে অনুমোদন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply