নিউজ ডেস্ক- মঙলবাৰে শ্বেয়াৰ মাৰ্কেটৰ উত্থানৰ সৈতে সেউজ চিহ্নত মুকলি হয়। বম্বে ষ্টক এক্সচেঞ্জৰ চেন্সেক্স ১১৫ পইণ্ট বৃদ্ধিৰে ৬১,৮৭৯ স্তৰত মুকলি হয়। একে সময়তে নেশ্যনেল ষ্টক এক্সচেঞ্জৰ নিফটিও ৩৯ পইণ্ট বৃদ্ধিৰে ১৮,৩০৩ স্তৰত মুকলি হয়।

উল্লেখ্য যে, ষ্টক মার্কেটত প্ৰাৰম্ভিক ব্যৱসায়ৰ সময়ত চেন্সেক্সৰ ৩০টা শ্বেয়াৰৰ ভিতৰত ২১টা শ্বেয়াৰত বৃদ্ধি আৰু ৯টা শ্বেয়াৰ হ্ৰাস পাইছে।

আনহাতে কালিৰ শীৰ্ষ লাভকাৰীসকলৰ ভিতৰত বাজাজফিন্সভ, ইণ্ডুছইণ্ডবিকে টাটাষ্টীল, টাটামটছ, টাইটান, এইচডিএফচি, এছবিআইৰ ষ্টক, আনহাতে শীৰ্ষ হেৰুৱাৰ ভিতৰত এইচচিএলটেক, ছানফার্মা, বাজাজফাইনেন্স, এইচ ইউ এল, ইনফ’ছিছ, কোটাক বেংক আছে।

লগতে, সোমবাৰে শ্বেয়াৰ বজাৰখন গ্ৰীণ মাৰ্কত বন্ধ হৈ পৰিছিল। চেন্সেক্সৰ শ্বেয়াৰ ৭০৯.৯৬ পইণ্ট বা ১.১৬ শতাংশ জপিয়াই ৬১,৭৬৪.২৫ পইণ্টত বন্ধ হয়। সেই সময়তে নিফটিও ১৯৫.৪০ পইণ্ট অর্থাৎ ১.০৮ পইণ্ট বৃদ্ধিৰে ১৮,২৬৪.৪০ স্তৰত বন্ধ হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply