নিৰ্বাচনী এক্সিট পলকো ভুল প্ৰমাণিত কৰি ভাৰতীয় জনতা পাৰ্টীয়ে গুজৰাট বিধানসভাৰ নিৰ্বাচনত অভিলেখ সংখ্যক ১৫৬ খন আসন লাভ কৰিলে। কিন্তু ইয়াৰ বিপৰীতে হিমাচল প্ৰদেশ বিধানসভাৰ নিৰ্বাচনত ৬৮খন আসনৰ ভিতৰত কংগ্ৰেছ দলে ৪০খন আসন লাভ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিলে। গুজৰাট বিধানসভাৰ নিৰ্বাচনী ফলাফলক আওকাণ কৰি একাংশ সংবাদ মাধ্যমে আৰু বুদ্ধিজীৱীয়ে হিমাচল প্ৰদেশৰ নিৰ্বাচনেহে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰভাৱ বিস্তাৰ কৰিব বুলি উল্লেখ কৰি আত্মসন্তুষ্টি লাভ কৰিছে। কিন্তু এই বাখ্যা বা যুক্তি কিমানদূৰ গ্ৰহণযোগ্য? হিমাচল প্ৰদেশ বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে কিয় পৰাজিত হ’ল তাৰ কিছু কাৰণ বিশ্লেষণ কৰিম।
ক) হিমাচল প্ৰদেশ বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ ১১জন বিসম্বাদী নেতাক কংগ্ৰেছ দলৰ টিকট প্ৰদান কৰা হৈছিল। তাৰে তিনিজনেই বিজেপিৰ প্ৰাক্তন জিলা সভাপতি আছিল। এই ১১ জন বিসম্বাদী নেতাৰ ৮ জনেই কংগ্ৰেছৰ টিকটত জয়লাভ কৰে।
খ) বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডা আৰু কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ দুয়োজনৰেই গৃহৰাজ্য হ’ল হিমাচল প্ৰদেশ। দুয়োজন আকৌ বিজেপিৰ ৰাষ্ট্ৰীয় নেতা। দুয়োজনৰ মাজৰ সংঘাতৰ বাবে বহু উপযুক্ত প্ৰাৰ্থীত্ব প্ৰয়াসীয়ে বিজেপিৰ টিকটৰ পৰা বঞ্চিত হয়। যাৰ সুযোগ গ্ৰহণ কৰে কংগ্ৰেছ দলে।
গ) হিমাচল প্ৰদেশত লোকসভাৰ আসনৰ সংখ্যা কেৱল ৪ খন। আনহাতে হিমাচল প্ৰদেশৰ দাঁতিকাষৰীয়া ৰাজ্য হ’ল লাডাখ আৰু পঞ্জাৱ। এই তিনিওখন ৰাজ্যৰেই সংস্কৃতি ভিন্ন। পঞ্জাৱৰ শিখ আৰু লাডাখৰ বৌদ্ধ। সেয়ে হিমাচল প্ৰদেশৰ নিৰ্বাচনে দাঁতিকাষৰীয়া দুয়োখন ৰাজ্যকে প্ৰভাৱান্বিত নকৰে। সেয়ে হিমাচল প্ৰদেশ বিধানসভাৰ নিৰ্বাচনে ২০২৪ৰ লোকসভা নিৰ্বাচনত কোনো প্ৰভাৱ বিস্তাৰ নকৰে।
কিন্তু গুজৰাট বিধানসভাৰ নিৰ্বাচনী ফলাফলেহে ২০২৪ৰ লোকসভা নিৰ্বাচনত প্ৰভাৱ বিস্তাৰ কৰিব। কিন্তু কিয়?

ক) গুজৰাট বিধানসভাৰ ১৮২ আসনৰ ভিতৰত বিজেপিয়ে ১৫৬খন আসন লাভ কৰিলে। যিটো নিৰ্বাচনী এক্সিট পলতকৈও অধিক। এই ফলাফল এক অৰ্থত ইতিহাস।
খ) গুজৰাটত লোকসভাৰ আসনৰ সংখ্যা হ’ল ২৬খন। মহাৰাষ্ট্ৰত ৪৮ খন। ৰাজস্থানত ২৫খন। এই তিনিওখন ৰাজ্য মিলি সৰ্বমুঠ লোকসভাৰ আসনৰ সংখ্যা হ’ল ৯৯ খন।
গ) এই দুয়োখন ৰাজ্যই আকৌ গুজৰাটৰ দাঁতিকাষৰীয়া। এই তিনিওখন ৰাজ্যৰেই সংস্কৃতি অভিন্ন।
ঘ) গুজৰাট যিহেতু উদ্যোগীক ৰাজ্য সেয়ে মহাৰাষ্ট্ৰ আৰু ৰাজস্থানৰ বুজন সংখ্যক নাগৰিক গুজৰাটত কৰ্মৰত। সেয়ে গুজৰাট বিধানসভাৰ নিৰ্বাচনী ফলাফলে এই দাঁতিকাষৰীয়া দুয়োখন ৰাজ্যকে প্ৰভাৱান্বিত কৰে।
ঙ) বিৰোধী ৰাজনৈতিক দল সমূহৰ ব্যাপক সমালোচনাৰ পিছতো গুজৰাটত যে মোডী মেজিক আছিল,আছে আৰু থাকিব সেয়া এইবাৰৰ অভিলেখ সংখ্যক আসন লাভে পুনৰবাৰ প্ৰমাণ কৰিলে। গুজৰাটত মোডী আজিও যে One man leader সেয়া পুনৰ প্ৰমাণিত হল।
সেয়ে গুজৰাট বিধানসভাৰ নিৰ্বাচন আগন্তুক ২০২৪ লোকসভা নিৰ্বাচনৰ বাবে ছেমি ফাইনেল আছিল বুলি নিৰ্বাচনী বিশ্লেষকসকলে প্ৰকাশ কৰিছিল। এতিয়া একপ্ৰকাৰ প্ৰমাণ হৈছে যে, ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল কি হ’ব।
যিসময়ত দেশৰ বিভিন্ন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলৈ গৈ আছে ঠিক সেই সময়তেই ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰা চলাই আছে। কংগ্ৰেছে খোজ কাঢ়িব লাগিছিল গুজৰাটত। কিন্তু খোজ কাঢ়িলে তামিলনাডু, তেলেংগানাত। এয়াই এতিয়া কংগ্ৰেছৰ বাঘা-বাঘা নেতাৰ ৰাজনীতি আৰু চিন্তাৰ দৌৰ।

বিজেপিয়ে কেতিয়াও এটা সৰু নিৰ্বাচনকো উপেক্ষা নকৰে। সেয়া তেওঁলোকে হাৰকেই বা জিকক। দিল্লীৰ পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিয়ে কেনেদৰে ৪-৫জনকৈ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী,ডজন কেন্দ্ৰীয় মন্ত্ৰী, দুই শতাধিক সাংসদক নিৰ্বাচনী প্ৰচাৰত নমাইছিল। হ’ব পাৰে ফলাফল বেয়া। কিন্তু নিৰ্বাচনত তেওঁলোকে সৰ্বশক্তি প্ৰয়োগ কৰে। বিজেপিৰ পৰা বিৰোধী ৰাজনৈতিক দলসমূহে শিকিবলৈ বহু বাকী আছে। বিজেপিৰ ভিতৰত বিসম্বাদ,অজস্ৰ Power Centre, ক্ষমতাৰ খোৱা-কামোৰা যদিহে নাথাকে তেন্তে বিজেপিয়ে সঠিক সময়ত নিজৰ ইপ্সিত আৰু কাঙ্খিত লক্ষ্যত উপনীত হ’ব। বিজেপিয়ে ভাৰত মাতা কি জয় কয় আৰু কংগ্ৰেছে ছোনিয়া মাতা জয় কয়। তফাৎ তাতেই।
(লেখকৰ মতাদৰ্শৰ ক্ষেত্ৰত ইষ্টম’জ’ অসমৰ সম্পাদনা দপ্তৰ দায়ী নহয়)